top of page

ডম্বৰু বাজিব এদিন

পুৰাণত উল্লেখ থকা মতে এবাৰ মহাৰাজ ইন্দ্ৰই মৃত্যুলোকৰ জনগনৰ ওপৰত বিতুষ্ট হৈ বৰুন দেৱতাক মৃত্যুলোকৰ ধৰাত ১২বছৰলৈ বৰষুণ নিদিবলৈ আদেশ দিলে ৷ মহাৰাজ ইন্দ্ৰৰ এই কোপত বৰষুণৰ অভাৱত মৃত্যুলোক অৰ্থাত পৃথিৱীৰ নদ নদীসমূহ শুকাই তলি উদং হৈ পৰিল ৷ খেতিপথাৰবোৰো খৰাংত চিৰালফাট দিলে ৷ কেউদিশে দাৰিদ্ৰ্যতাৰ আৰু খাদ্যৰ অনাটনত মৃত্যুলোকৰ জীৱজন্তু আৰু গছ বিৰিখবোৰৰ ধ্বংসৰ গৰাহৰ যাহ যাবলৈ ধৰিলে ৷ সন্ত্ৰাসিত হৈ পৃথিৱীবাসীয়ে স্বৰ্গাধিপতি ইন্দ্ৰক এজাক বৰষুণৰ বাবে কাতৰ আহ্বান জনালে ৷ ইন্দ্ৰই পৃথিৱীবাসীৰ দুখত ঘৰিয়ালৰ চকুপানী টুকি প্ৰবোধ দি ক’লে , আচলতে এই জলন্ত সমস্যাটোৰ সমাধান মোৰ ওচৰত নাই ৷ মৃত্যুলোকত বৰষুণ একমাত্ৰ আদিযোগী ভগৱান ভোলানাথ শিৱৰ অনুগ্ৰহতহে সম্ভপৰ হ’ব ৷ দিগম্বৰ শিৱই ডম্বৰু নবজোৱালৈ পৃথিৱীত বৰষুণৰ হোৱাৰ কোনো সম্ভাৱনাই নাই ৷ মহাৰাজ ইন্দ্ৰৰ কথাত অমৰাৱতীৰ পৰা হতাশ হৈ মৃতলোকবাসী দেৱাদিদেৱ মহাদেৱক লগধৰিবলৈ কৈলাস পৰ্বত পালেগৈ ৷ কিন্ত ইফালে স্বৰ্গাধিপতি ইন্দ্ৰই আগতেই আদিযোগী ভোলেনাথক পৃথিৱীবাসীক এসেকা দিয়ালৈ কান ভৰাই ৰাখিছিল ৷ মৃত্যুলোকবাসীয়ে সকলো দূৰ্দশাপূৰ্ণ কথা বিস্তাৰি যেতিয়া বৰষুণ এজাক দিবলৈ অনুৰোধ কৰিলে দেৱাদিদেৱ কৈলাসপতিয়ে একেষাৰতে সেইটো অসম্ভব বুলি ক’লে ৷ তেওঁ ১২বছৰলৈ ডম্বৰু বজাবলৈ অপৰাগ বুলিও খাটাঙকৈ জনাই দিলে ৷ আৰু ইফালে ডম্বৰু নবজিলে বৰষুণ নহব ৷ ভগৱান ভোলানাথৰ উত্তৰ পাই মৃত্যুলোকবাসীয়ে নিজৰ ভাগ্যকে ধিয়াই ভগ্ন হৃদয়লৈ নিজ নিজ ঘৰলৈ উভতিল ৷ মৃত্যুলোকৰ খেতিয়ক সকলে পথাৰ খৰাং হৈ পৰাত কামবন এৰি অকৰ্মণ্য হৈ পৰিল ৷ কিন্ত সেই খৰাংৰ মাজতো এজন খেতিয়কে নিয়মিত ভাৱে পথাৰলৈ যাব নেৰিলে ৷ তেওঁ সদায়েই সময়ানুবৰ্তিতা মানি পথাৰলৈ গৈ হালবাই মাটি চহোৱা, বীজ সিঁচা আদি কাম কৰি গৈছিল ৷ খেতিয়কজনৰ কাৰবাৰবোৰ দেখি সকলোৱেই উপলুঙা কৰি হাঁহিছিল ৷ খৰাং পথাৰত গেবাৰি খাটি কাম কৰি কি ফল পাব বুলি ইতিকিং কৰিবও নেৰিছিল ৷ পাছে খেতিয়ক জনো নাচোৰবান্দা ৷ তেওঁ বন্ধু খেতিয়ক সকলক কৈছিল, ভাইহঁত হালৰ মুঠি এৰি নিদিবা ৷ ১২বছৰ ধৰি খেতিবাতি কাম নকৰিলে খেতিকৰা সকলো জ্ঞান পাহৰি যাবা ৷ তেতিয়া বৰষুণ পাইয়ো খেতি কৰিব নোৱাৰিবা ৷কিন্ত খেতিয়কজনৰ সেই আহ্বানত কোনেও গুৰুত্ব নিদিলে ৷ পাছে কৈলাসপতি ভোলানাথৰ পত্নী মাতা পাৰ্বতীয়ে খেতিয়কজনৰ তাৎপৰ্যপূৰ্ণ কথাষাৰ উৰুৱাই নিদি স্বামীক সকলো বিৱৰি ক’লে ৷ ১২ বছৰ ধৰি ডম্বৰু নবজোৱাকৈ থাকি নিজেও যাতে ডম্বৰু বজাবলৈ পাহৰি নাযায় তাকো সোৱৰাই দিলে ৷ মা পাৰ্বতীৰ মুখৰ কথাখিনি শুনি দেৱাদিদেৱ মহাদেৱে নিজেও ডম্বৰু বজাবলৈ পাহৰি গল বুলি বিভ্ৰাট হৈ পৰিল ৷ অৱশেষত নিজৰ শুদুৱনি মাৰিবলৈ মহাদেৱে ডম্বৰু হাতত তুলি বজাইদিলে ৷ শিৱৰ ডম্বৰুৰ শব্দ গুঞ্জৰিত হোৱাৰ লগেলগে মৃত্যুলোকত ধাৰাসাৰ বৃষ্টিপাত হবলৈ ধৰিলে ৷ জ্ঞানী খেতিয়কজনৰ দূৰদৰ্শিতাৰ ফলপ্ৰাপ্তি হ’ল ৷ যোজন যোজন পৰিসীমাৰ উদং পথাৰৰ মাজত একমাত্ৰ দূৰদৰ্শী খেতিয়কজনৰ পথাৰ খন নদনবদন হৈ উঠিল ৷ আমি আজি কৰোণা মহামাৰীৰ ভয়াবহতাৰ মাজত ঘৰৰ ভিতৰত আৱদ্ধ হৈ নিজক ক্ৰমান্বয়ে এলেহুৱা কৰি তুলিছো ৷ হ’ব পৰা আসন্ন বিপদৰ সন্দেহ কৰি কৰি আজি খেতিয়কে খেতিকৰিবলৈ, ব্যৱসায়ীয়ে ব্যৱসায কৰিবলৈ, ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ, শিক্ষকে শিক্ষাদান কৰিবলৈ, গায়কে গান গাবলৈ, লেখকে লিখিবলৈ তথা অন্যান্য পেশাদাৰী সকলে নিজৰ পেশাগত অধ্যাৱসায়ৰ প্ৰতি লাহে লাহে আগ্ৰহ হেৰুৱাব ধৰিছো ৷ কিন্ত বিশ্বাস ৰাখক এদিন এই ধৰা কৰোনা মুক্ত হৈ পৰিব, আকৌ নতুন প্ৰভাত হ’ব, কালৰাত্ৰিও নেথাকিব ৷ আমি সকলোৱেই নিজৰ নিজৰ জীৱনৰ পৰিক্ৰমাৰ মাজত সোমাই পৰিম ৷ আৰু তেতিয়াই আমাৰ মাজৰে দুৰদৰ্শী খেতিয়কজনৰ দৰে লোকসকল সাফল্যতাৰ শিখৰত থাকিব ৷ গতিকে আহক আমি এই কৰোনা দুৰ্যোগত ঘৰত সোমাই থকা সময়খিনিত আমি আমাৰ নিজৰ নিজৰ প্ৰতিভাৰ বিকাশত মনোনিৱেশ কৰো আৰু আমি সকলোৱেই দূৰদৰ্শী খেতিয়কজনৰ দৰে একলগে সফলতাৰ শিখৰত উপনিত হবলৈ প্ৰয়াস কৰো৷

1 view0 comments

Comments


bottom of page