ট্ৰেফিক ছাৰ
- Sahitya Chorcha
- Jun 20, 2021
- 1 min read
ট্ৰেফিক ছাৰ, ভালনে আপোনাৰ? কি সংখ্যা আজি, যুগ্ম নে অযুগ্ম? নিত্য নতুন এচ.অ.পি. ১২/১/২/৫ ট্ৰেফিক ছাৰ ভালনে আপোনাৰ? হাফ লকডাউন নাই নেকি আপোনাৰ? নাইনে পুত্ৰ পৰিবাৰ? সদায় যে ৰ’দে বৰষুণে … তিনি আলি, চাৰি আলিত ডিউটি আপোনাৰ। তাহানিৰ সাধুৰ সেই গাত ৰ’দ নপৰা, বৰষুণ নপৰা মানুহজন তেনে আপুনিয়েই নেকি? কাৰোবাৰ মুখত মাস্ক নাই, কাৰিবাৰ মুৰত নাই হেলমেট সকলোকে সজাগ কৰা আপোনাৰেই কাম, তথাপিও….. পইচা খাই বুলি আপোনাৰেই বদনাম। ট্ৰেফিক ছাৰ আপোনাৰ কামেই কাম, মন্ত্ৰী মহোদয় অহাৰ আগে পিছে হব লাগিব সকলো ৰাস্তা খালি ট্ৰেফিক ছাৰ কেতিয়াবা সোধেনে কোনোবাই চাহ, ভাত খোৱাৰ কথা? সোধেনে ঘৰ সংসাৰৰ কথা? ব্যস্ত ৰাজপথত আপুনি আৰু ব্যস্ত চোৰ ডকাইত…. ট্ৰেফিক ছাৰ আৰু কিমান কাটিব ফাইন? কিমান খেদিব উতনুৱা ডেকাক? কিমান বুজাব কাৰ্ফিউ নমনাক? ভাবিলেই ভয় লাগে ট্ৰেফিক নোহোৱা এখন নগৰৰ কথা যেন সাধুকথা… ট্ৰেফিক ছাৰ ঘৰলৈকো যাব কেতিয়াবা, নগৰখনকে কিমান আৰু শৃংখলিত কৰিব! ভালে থাকক, কুশলে থাকক আপোনাৰ কৃপাতে চহৰ নগৰবোৰ স্মাৰ্ট চিটি হওঁক, ফুল ফুলক কংক্ৰীটৰ মহানগৰীত অত্যাধুনিক শৃংখলিত ফুল।
Comments