top of page

জীৱিকাৰে নুজুখিবা যোগ্যতা

জীৱন সমুদ্ৰ যাত্ৰাত জীৱিকাৰে নকৰিবা সৰু বৰ ভাগ, এল আই চি এজেন্ট মানে নহয় ডকাইত। দৈৱ দূৰ্বিপাকত জ্ঞানী জনৰো সৰু হ’ব পাৰে জীৱিকাৰ বাট, জীৱিকাৰে নুজুখিবা মানুহৰ অন্তৰ, সৰু জীৱিকাৰ গৰাকীৰো বিশাল অন্তৰ। পাৰিলে দিবা উপযুক্ত সন্মান, ইতিকিং কৰি কোনো জীৱিকাক নকৰিবা অপমান; জীৱিকাৰে যোগ্যতা নহয় নিৰূপণ, আকাংক্ষিত জীৱিকাৰ স্বৰ্ণীল পথ সকলোৰে নাই কপালত। হ’ব পাৰে কোনোবা এল আই চি এজেন্ট, চাকৰি নাপায় কৰে ডাকঘৰ বা বেংকৰ এজেন্ট, তেনে নাৰীৰ কথা এবাৰ ভাবিবা, হৃদয়ত বহি থাকে আত্মসন্মানৰ ৰজা। নিবিচাৰে কাৰো দয়াৰ দান, আত্ম প্ৰতিষ্ঠাৰ নিৰন্তৰ প্ৰয়াস, সহযোগ নকৰিলে ‘বিনম্ৰতা’ প্ৰত্যাখ্যান উপায়, তেনে ব্যৱসায়ক ডকাইতী বুলি নাভাবিবা ভাই। দেউতাও ভাৰত চৰকাৰৰ কৰ্মচাৰী, স্বামীৰো আছে ব্যৱসায় অকণি, উপাৰ্জনৰ বাধ্যবাধকতা নাই আলসুৱা নাৰী, আত্মনিৰ্ভৰশীল হ’বলৈ আমি বাছি লৈছো এল আই চি। কোনেও ক’ব নোৱাৰে ডাঠি, ভৱিষ্যত মেঘমুক্ত বুলি, অহংকাৰ নকৰি জীৱিকাক সন্মান দিয়ক নোৱাৰিলে বিনম্ৰতাৰে প্ৰত্যাখ্যান কৰক। স্ব নিয়োজনৰ বাট মুকলি কৰি, জীৱন পোহৰাই তোলা প্ৰতিগৰাকী নাৰীয়ে হ’ব পাৰে অপৰাজিতা।

#assamesekobita #axomiyakobita #jugyata #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page