top of page

জীৱৰ বিলৈ

শীতৰ কুঁৱলীভৰা আকাশৰ তলত নিঠৰ হৈ পৰি আছে এজন অশীতিপৰ বৃদ্ধ | গাত পৰিধান কৰি আছে এটা ফটা কামিজ আৰু এখন ফটা চুৰীয়া |ওচৰত পৰি আছে এখন থাল | প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈ সেই দৃশ্য দেখি হতবাক হৈ ৰৈ গ’লো | পুৱাতেই মনটো কিবা লাগি গ’ল | কি কৰিম কি নকৰিম ভাবি মানুহজনৰ ওচৰলৈ গৈ নাকৰ ওচৰত হাতখন ৰাখি চালো |উশাহ লৈ আছে | মানুহজন জীয়াই আছে বুলি জানি আৰু দুঃখ লাগি গ’ল | স্বতঃস্ফূৰ্তভাবে মুখৰ পৰা ওলাই গ’ল, “জীৱৰ কি বিলৈ ?”

লগে লগে মই ১০৮ লৈ ফোন কৰিলো | তাৰপিচতে মোৰ ল’ৰাটোৰ নম্বৰত ফোন লগাই কম্বল এখন আৰু চাহ লৈ আহিবলৈ ক’লো | ল’ৰাটোৱে বৰ কৌতূহলী হৈ বস্তুকেইটা লৈ মোৰ ওচৰ পালেহি |মই মানুহজনক কম্বলখন গাত মেলি দি অকনমান অকনমানকৈ মুখত চাহ খুৱাই দিলো| মানুহজনে গৰম উম পাই চকুকেইটা মেলি চালে| কেকাই কেকাই সুধিলে, “মই ক’ত আছোঁ? মই ইয়ালৈ কেনেকৈ আহিলো?” মই মানুহজনক ধৰি -মেলি লাহেকৈ বহুৱাই দি কম্বলখন ভালকৈ মেৰিয়াই দিলো | ফ্লাক্সৰ পৰা চাহ অকনমান বাকি বিস্কুত এটাৰ সৈতে খাবলৈ দিলো| ইতিমধ্যে ১০৮ আহি উপস্থিত হ’ল | ধৰি-মেলি মানুহজনক গাড়ীত তুলি দি বিষণ্ণ মনেৰে ঘৰলৈ ঘূৰি আহিলো |

1 view0 comments

Kommentare


bottom of page