জীৱন যুদ্ধ
- Sahitya Chorcha
- Jul 1, 2021
- 1 min read
মোক জীয়াই থাকিবলৈ দিয়া! শৰীৰটোৰ ভিতৰত এটা বিৰল মন গঢ়িছো! যাৰ আকাশ চুবৰ মন, যত সৃষ্টিৰ অবিৰল যত্ন প্ৰতিক্ষণ! নাভাঙিবা মোৰ সপোনবোৰ, যি মোৰ ক্ষুদ্ৰ স্বাৰ্থত নহয় সমাজ সংস্কাৰৰ এক অভিনৱ উদাহৰণ হৈ ৰব! জীয়াই থাকিবলৈ দিয়াচোন মোক, দেখুৱাম মানুহে মানুহক উচ্চাকাংক্ষী কৰাত আগুৱাই লৈ যোৱাৰ পথ! মোৰ আশা সীমাহীন আকাংক্ষাও যে ইমান; তোমাৰ স্বাৰ্থপৰ মনে নোৱাৰিব কেতিয়াও কৰিব ম্লান! সৰুতে শিকিছিলো আকাশ চুবৰ সপোন দেখিবলৈ; ডাঙৰ হৈ দেখিলো এনেবোৰ কথা সমাজৰ চুকে- কুণেহে পৰি ৰ’ল! নিঃকিন হৃদয়বোৰৰ দূষিত প্ৰৱাহে মোৰ বাৰে বাৰে কলিজা খান্দি নিলে! ৰৈ গ’ল মাথো মানৱৰূপি দ্ৰাকুলাৰ হৃদয়হীনতাৰ ক্ষমতাৰে গঠিত আইন কিছুমান! নালাগে মোক এনে জীৱন য’ত মোৰ মুক্ত মনৰ, মুক্ত হৃদয়ক কলুষিত কৰাৰ অহৰহ প্ৰয়াস চলে! আকৌ আহিম মই ঘুৰি ..; নতুন শক্তি গোটেই আনিম , দ্ৰাকুলাৰো তেজ পিইম , ক্ষমা নকৰিম মই কাৰো ..! চাৰখাৰ কৰি যাম ..! নতুন সপোনবোৰক উৎসাহ যোগাম ..! নিদিম কাৰো আৰু পুনৰাবৃত্তি হবলৈ!!
留言