জীৱন্ত হ’ব গৌৰাঙ্গ গণতন্ত্ৰ
- Sahitya Chorcha
- Jan 29, 2021
- 2 min read
ধনতান্ত্ৰিক ৰাজতন্ত্ৰৰ নিৰ্মম নিষ্ঠুৰ নিষ্পেষণত জীৱন্মৃত এতিয়া গণতন্ত্ৰ প্ৰজাতন্ত্ৰ মুখত ঐক্যতাৰ গান জন গন মন বন্দেমাতৰম পেটত দুৰ্নীতি কুটিল স্বাৰ্থ আৰু ষড়যন্ত্ৰ
দুখীয়াই আজি বগাব নোৱাৰে উন্নতিৰ জখলা দুখ দুৰ্দ্দশা অৰ্থৰ অভাৱতেই হয় পথভ্ৰষ্ট নাই বাক্ স্বাধীনতা নাই মোলিকত্ব নাই সমসত্ব দুৰ্মদ দুৰ্দান্ত দুৰ্নীতিৰে এতিয়া পৃথিৱী মাথো মদমত্ত
অন্যায় অধৰ্ম অনীতিৰে সমাজ আজি জৰ্জৰিত সৰ্বজন অলপতেই অবাবতেই হয় খড়গহস্ত অত্যাধুনিকতাৰ নামত স্বকীয় অস্তিত্ব হেৰুৱাই আজিৰ সভ্যতা নিৰ্লজ্ব সৌভিকতাৰে নগ্ন
জ্ঞানান্ধ স্বাৰ্থান্ধ দুৰাচাৰী দুৰ্নীতি পৰায়নতাত সততাৰে জীয়াই থাকিব পাৰে জানো গণতন্ত্ৰ অত্যাধুনিকতাৰ নামত অন্যায় অবিচাৰ এতিয়া বিম্বাশৱদী নিৰ্ভীক অৰাজকতাৰে বিস্তীৰ্ণ
সবাই পাহৰিলে আজি সত্য প্ৰেম সততা ধৰ্ম কৰ্ম কৌতিল্যতাপূৰ্ণ চল চাতুৰ্য্য চক্ৰান্ততহে সৰ্বমত্ত অন্ধতাৰে অহৰ্নিশে অপসংস্কৃতিক আদৰি পাহৰি স্বকীয়ত্ব বিসৰ্জন দিছে স্ব-অস্তিত্ব
নাই আজি গণতন্ত্ৰ নাই আজি প্ৰজাতন্ত্ৰ প্ৰেম প্ৰজ্ঞা ঐক্য নাই দশোদিশে মাথো যুদ্ধ উন্নতি পৰিবৰ্তনৰ নামত প্ৰত্যক্ষ কৰো মাথো বৰ্ণঢ্যতাব্যাপ্ত উৰুলিকিত উৎসৱ উন্মত্ত
এইখনেই অধোগামী স্ববিধ্বংসী মানুহৰ আচল ছৱি কুণ্ঠাবোধ নকৰে নিজক প্ৰকাশ্যে কৰিবলৈ নগ্ন অৰ্থ সন্মান মৰ্য্যাদাৰ বাবেই আজি সৰ্বজন বলিয়া নিজ মাতৃকো আনক বেচি ধৰ্ষণ কৰি হয় ধন্য
প্ৰেম মানৱত্বক বৰ্জিত কৰি সমাজ গঢ়িবলৈ এই পৃথিৱীত কাৰোৰোৱেই নাই সাধ্য নেভাৱিলে ভৱিষ্যত নকৰিলে বৌদ্ধিকতাৰ কচৰৎ বৰ্ণালীময় বাগ্নীতাৰে সমাজ নহয় চৈতন্য
ধিক্কাৰ ধিক্কাৰ উচ্চশিক্ষা ধিক্কাৰ মানৱ সভ্যতা ধিক্কাৰ আচাৰ বিচাৰ শূন্য স্বাৰ্থান্ধ মানৱীয়ত্ব জ্ঞানান্ধতাৰে এই অগ্ৰগতি ৰাখিলে অব্যাহত স্বদেশ স্বজাতিৰ ভৱিষ্যত ধ্বংস অনিবাৰ্য
প্ৰতিবাদ নকৰি অনুভৱ কৰা যদি এই নিৰ্ঘাট সত্য নেহেৰাই স্বকীয়ত্ব নেহেৰাই নেহেৰাই অস্তিত্ব জীৱন্ত হৈ উঠিব প্ৰজাতান্ত্ৰিক গৌৰাঙ্গ গণতন্ত্ৰ চৈতন্য দৃষ্টিত উঠিব ভাঁহি মানুহ আৰু জীৱনৰ আচল অৰ্থ
গুণগত গণতন্ত্ৰও হ’ব আসুৰীকতাৰ পৰা মুক্ত দুৰ্নীতি দুৰ্বিচাৰৰ দুৰন্ত হাতো হ’ব বন্দীতৰে ৰুদ্ধ মানৱ মুক্তিৰ সংগ্ৰাম সাৰল্যতাৰে হ’ব সিদ্ধ উজ্বলি উঠিব বাস্তৱত পৃথিৱীৰ সৰ্বহাৰা বাঞ্চিত স্বপ্ন স্বনিত স্বতন্ত্ৰ গণতান্ত্ৰৰ স্বৰ্ণোজ্জ্বল সুৰ্য
ত্ৰিলোক বিজয় কৰিবলৈ ত্ৰিৰঙ্গাও হ’ব সমৰ্থ মানুহৰ মানৱীয়তাৰে পৃথিৱীত ব’ব প্ৰেমৰ মকৰন্দ চিন্ময় প্ৰেমপ্ৰজ্ঞাৰে মানুহ হ’ব মানুহৰ দৰে মানুহে আৰু নেকান্দে কোনোদিন হৈ সৰ্বস্বান্ত জীৱন্ত হ’ব গৈৰিকতাৰে গুণান্বিত গৌৰাঙ্গ গণতন্ত্ৰ
Comments