জীৱন চক্র
- Sahitya Chorcha
- Dec 25, 2020
- 1 min read
গাপ লৈ গুটি তই গজালি ললি মাটি ফুটি ভুমিষ্ঠ হলি এতিয়া মৃত্যু অনিৰ্বায্য তোৰ নোৱাৰ ৰাখিব তই ধৰি।
ভুমিষ্ঠ আৰু মৃত্যুৰ মাজত থকা জীৱন জুৰি ৰ’দ, বতাহ, বৰষুণ, ধুমুহাক সহ্য কৰি বীজৰ পৰা গজালি হৈ বৰগছ হবি ।।
মৃত্যুৰ বাবে বাট চাই নাথাকে কোনো ৰৈ তথাপিও নিজকে বচাবৰ চেষ্টা কৰ তই নহলে অকাল মৃত্যু তোৰ ইও অনিৰ্বায্য নোৱাৰ ৰাখিব ধৰি।
খাদ্যই জীৱৰ প্রাণ খাদ্য নহলে জীৱ হব নিষ্প্রাণ পৰস্পৰ নিৰ্ভৰশীল আমি তোৰ মৃত্যু হলে মোৰো জীৱন শেষ নথাকিম আমি কোনো ৰয় জীৱন মৰণ চক্ৰ নহব এই সংসাৰত।
ভুমিষ্ঠ হ’লেই মৃত্যু অনিৰ্বায্য নোৱাৰ ৰাখিব তই ধৰি।
Comments