top of page

জীৱন গঢ়াৰ প্ৰতিদান

আইৰ চকুৰমণি মই পিতাইৰো গৌৰৱৰ কাৰণ মই আইয়ে কয়, ‘সোন’ বৰমানুহ হৈ মোক সুখত ৰাখিবি; পিতাই কয়, যতেই পাৱ জ্ঞান- শিক্ষা বুটলিবি বাহিৰা কথাবোৰ চকুমুদি আগুৱাবি; তেহে বংশৰ থাকিব মান; জীৱনে দিবগৈ উচ্চ স্থান; খুড়া , বৰদেউতা,মামা, মাহী, ওচৰচুবুৰীয়াই আপোচবিহিন মৰমেৰে কয় , শৰীৰ ঠিকে ৰাখি পঢ়া শুনা কৰা , আমাৰ চুবুৰীৰ নাম উজ্বলাই যোৱা ; নৈতিক শিক্ষাৰে সকলোৱে মোক জ্ঞান দিলে ; বিচলিত হবলৈ নিদি বিবেকক সুস্থিৰ কৰি ৰাখিলে ; এদিন কষ্ট আৰু সাধনাৰ ফল হাতে কামে পালো ; এটা উচ্চ পদত সন্মানেৰে অধিস্থিত হলো; সময়ে গতি সলালে ব্যৱহাৰেও ৰূপ বদলালে; বিবাহৰ বয়স নৌহওতেই কইনাৰ হেঁচা ঠেলা , আইয়ে ,মোৰ ‘সোন’ “বৰজন” বুলি কৰিলে দৰদামৰ মেলা! পিতাইৰ গৌৰৱত অহংকাৰে ঠাই ললে ! সম্পৰ্কীয় সকলেও প্ৰতিটো মৰমৰ প্ৰতিদান বিচাৰিলে ! সৰুতে শুনা কথাবোৰ আজি আচহুৱা লাগিল ! বাস্তৱৰ জগতখন অচিৰেই অকামিলা হৈ পৰিল ! এদিন সততাৰ মৰমে মোৰ হৃদয় জিনি আছিল , ,নাছিল মাথো ধন মান ! সকলো থাকিও আজি বঞ্চিত হলো প্ৰকৃত আপোনতাৰ পৰা ! বিনিময় বিচাৰি আপুৰুগীয়া মৰমক নকৰিবা কলুষিত ! স্বইচ্ছাই দি যাম লাগিলে মোৰ সৰ্বস্ব তোমালোকৰ হাতত!!

1 view0 comments

Related Posts

See All

Comments


bottom of page