top of page

জীৱন এনেকুৱাই

  • Sahitya Chorcha
  • Dec 21, 2020
  • 1 min read
ঘুৰি নাচাওঁ‌ অতীতক, উভতি নযাওঁ‌ লৰালি কাললৈ, স্মৃতিয়ে আমনি কৰিব।আন্ধাৰ এৰি থৈ আহিছোঁ‌, পোহৰত বগুৱা বাই আহিছোঁ‌, বহু দূৰ বাট আগুৱাই আহিলোঁ‌ ।ওখোৰা মোখোৰা বাট, গচকি এৰি আহিছোঁ‌ মই, আন্ধাৰে আমনি নকৰাকৈ।জেকা মাটিত কঠিয়া নগজে, ৰ’দে সেউজীয়া কৰে পথাৰ , জোনবায়ে নিশা পোহৰ বিলায়।অশ্ৰুসিক্ত নয়ণ বিদায় ক্ষণত পোহৰত পাহৰিছোঁ‌ দুখ, আন্ধাৰ বহু দুৰৈত এৰি আহিলোঁ‌।সপোন উপজিছে মনত, বেদনাৰ সময় উকলি গ’ল , বন্ধ হ’ল ঘুৰি অহাৰ পথ ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page