top of page

জীৱনৰ কক্ষপথ

জীৱনৰ কক্ষপথৰে যৌৱনৰ পদুলি মুখত ফুল ফুলাৰ সন্ধিক্ষণত প্ৰেমৰ সুগন্ধি সুৱাসে হিয়া মন আমোলমোলাই৷ জীৱনৰ মাদকতা প্ৰাপ্তিৰ শুভ লগ্নত ৰংমন চঞ্চল উৰি ফুৰাৰ মনে আকাশ চুবৰ মন প্ৰতিক্ষণ এভাৰেষ্ট শৃংগ বগাবৰ মন সাগৰৰ গভীৰলৈ যাবৰ মন প্ৰেমৰ নৈত উটি ভাঁহি সাত সাগৰ পাৰ হবৰ মন৷

জীৱনৰ কক্ষপথৰে যৌৱন জোৱাৰ ভাটাৰ পশ্চাৎগমনত ধোৱাই নিয়ে বালিৰ পজাঁঘৰ আশাৰ সপোনবোৰ স্মৃতি হৈ ৰয় ধূসৰিত হৈ অদৃশ্য হয় কালৰ বুকুত নিৰাশাৰে ভৰা দিঠকত প্ৰাপ্তি অপ্ৰাপ্তিৰ তুলাচনীত অস্ত যাবলৈ ধৰা সূৰুযৰ পৰশ সংগ্ৰাম মাথোঁ জীয়াই থকাৰ৷

0 views0 comments

Related Posts

See All

Commentaires


bottom of page