top of page

জীৱনৰ অনুভৱ

কথাবোৰ মনত পৰিছে, ভাববোৰ উতলি আহিছে, দৃশ্যবোৰ ভাহি আহিছে চকুৰ আগত; বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ জীৱিত গ্ৰহ এইখন পৃথিৱী য’ত মই দেখা পাইছিলোঁ বিভিন্ন ৰঙৰ লুকা-ভাকু, সেউজীয়া, নীলাৰ সমাহাৰ, পৰিবৰ্তন হয় ৰামধেনুৰ সাতোটা ৰং৷ বগা ডাৱৰ ক’লা হয় আকৌ তাৰ পৰা বৰষুণ হয়৷ গছ-গছনিত ফুল ধৰে তাৰ পৰা ফল হয়৷ বেছিভাগ প্ৰাণীয়ে এই ফলবোৰ খাই জীয়াই থাকে৷ কি বিচিত্ৰ ভাবিলে আচৰিতেই লাগে এই ফলৰ গুটিৰ পৰাই আকৌ গছ গজে৷ বিশাল সাগৰৰ পানীৰ খেলা তাতো অলেখ প্ৰাণীৰ জীৱনৰ লীলা খেলা৷ সুউচ্চ সুদৃশ্য সুন্দৰ সেউজ পাহাৰ৷ তাৰ পৰা কুলু কুলু শব্দৰে বৈ অহা নিজৰাৰ পানী৷ লগৰীয়াৰ সৈতে কৰিছিলোঁ খেলাধূলা আৰু কত কি ৰং-ধেমালি৷ কিমান মজা লাগিছিল, কিমান যে আনন্দ ফুৰ্তি কৰিছিলোঁ , ছেঃ কি যে হ’ল হঠাৎ৷ এনে সুন্দৰ জীৱন, এনে এখন বিচিত্ৰতাৰে ভৰপুৰ সুন্দৰ পৃথিৱী৷ গাড়ীখনে মোক খুন্দিয়াই চেপেটা কৰি মাৰি থৈ নোযোৱা হ’লে৷ (মৃত্যু হোৱাৰ আগমুহূৰ্ত্তত মোৰ মনত খেলোৱা কথাবোৰ)৷

0 views0 comments

Related Posts

See All

Comments


bottom of page