শৈশৱৰ অজানিতে আইৰ কোলাত জীৱনৰ প্ৰথম হাঁহি আইৰ এফাঁকি নিচুকনি গীত শুনি শুনি। পখিলা খেদাৰ বয়সত মিচিকিয়া হাঁহিৰে, চুমা দিওঁ আলসুৱা ফুলৰ পাহিত। ভৰ যৌৱনত চোতালত বহি মিচিকিয়া হাঁহিৰে, আকাশৰ সতে কথা পাতো তৰা বোৰৰ লগত, স্নিগ্ন জোনাকটো উজ্বলি উঠক হাঁহি। মোৰ ক্লান্তিহীন দেহত অৰ্হনিশে বিয়পি থাকে হাঁহি, স্নেহপূৰ্ণ প্ৰকৃতিৰ বুকুত, হাঁহিৰে ওপচাই তোলো, প্ৰতি পুৱা কোমল ৰ’দত। শান্ত সাগৰৰ ঢৌৰ সতে হাঁহিৰে ওপচাই বিলিন হওঁ দুপৰ ভাগত। মোৰ হাবিয়াহ প্ৰতি পলে পলে চৌদিশে বিয়পি পৰক মোৰ হাঁহিৰ পৰশ। জানিব মন যায় কাৰ কোলাত অন্ত পৰিব জীৱনৰ উল্লাসিত সপোন জীৱনৰ শেষ নিশ্বাস অন্তিম হাঁহি?
#assamesekobita #axomiyakobita #jibonorontimhahi #SahityaChorcha