top of page

জ্যোতিৰ বাৰিধি নিত্য নিৰৱধি

জ্যোতিৰ জ্যোতিৰূপা জ্যোতিময় জ্ঞানকৃত জ্ঞানদীপ্ত সুৰম্য সুৱাসী সুষমামণ্ডিত সৰ্বাঙ্গসুন্দৰ শৈল্পিক সুন্দৰ কৃৰ্তী ৰমনীয় মহত্ত্বম কাব্যকলা সমন্বিত নান্দনিক সুকুমাৰ কৃষ্টিৰ মুষল বৃষ্টিৰে মহান মৰ্যদাপূৰ্ণ গাম্ভীৰ্যময় অব্যৰ্থ অনিৰুদ্ধ অনৱচ্ছিন্ন অক্ষয় মৃত্যুঞ্জয়ী শক্তি

অনন্ত শাশ্বত পৰিশুদ্ধ জ্ঞাননিষ্ঠ আশ্চৰ্য মহান আদৰ্শৰ মহীয়ান গৰিয়ান মহত্ত্বম মহানতাপূৰ্ণ লোকোত্তৰ সৰ্বোত্তম উজ্জ্বল স্বীকৃতি সমৃদ্ধ অনিন্দ্যসুন্দৰ শৈল্পিক মহান জ্ঞান সমুদ্ৰৰেই অনন্য অপূৰ্ব সুদক্ষ কলা কৌশল নৈপূৰ্ণতাপূৰ্ণ অজেয় অমেয় দুৰ্দ্দম্য দুষ্পাচ্য সৰ্বশক্তিশালী শাশ্বত শক্তিৰ সুৱলিত সমষ্টি

জ্ঞানাঙ্কুশজ্ঞাত জ্ঞান মাৰ্গ নিহিত ৰূপৰস সৌন্দৰ্যমণ্ডিত জ্যোতিৰ্ময় এই স্বৰ্ণযুগ চিহ্নিত জ্যোতিৰ কৃষ্টি সংস্কৃতিৰ বৃষ্টি স্বৰ্ণাভ বৰ্ণাভ সুৱদী সুৰীয়া চিৰ বিনন্দীয়া অসমৰেই সৰ্বকালব্যাপ্ত স্বৰ্ণমণ্ডিত সৰ্বাঙ্গসুন্দৰ দিব্যজ্যোতি সৰ্বস্ব অক্ষয় সৃজনীশীল শক্তি সমৃদ্ধ চিত্ৰশিল্পী সামঞ্জস্যতাৰে অজ্ঞাতসাৰে লোকসত্ত্বা হৰণকাৰী অনিবৰ্চনীয় সুমধুৰ সৃষ্টিৰ অয়স্কান্তীয় মহাকৰ্ষণ নিহিত ঐশ্বৰ্য প্ৰাচুৰ্যময় মহামহত্ত্বম উচ্চ ভাৱাদৰ্শ ৰঞ্জিত নান্দনিক ব্যুৎপত্তি

উচ্ছল উত্তাল উগ্ৰ উতপ্ত স্বৰ্ণগৰ্ভ অংকুৰিত দুৰ্বাৰ অনিৰ্বাৰ অফুৰন্ত অনন্ত অমিয়া সিদ্ধিৰ চিৰ কল্যাণকামী অব্যৰ্থ আশীৰ্বাদ য’ত নিৰন্তৰ নিৰৱধি একনিষ্ঠ ধ্যাননিষ্ঠ সুদৃষ্টি দিলেই সমুজ্জ্বলতাৰে নিৰৱিচ্ছিন্নতাৰে উজ্বলি উথলি উঠে য’ত তীব্ৰমানৱতাপূৰ্ণ মানৱ প্ৰমুল্যবোধ নিহিত সূৰ্য্যদীপ্ত বিশ্বপ্ৰেম দেশপ্ৰেম মানৱপ্ৰেম শিল্প কলা সাহিত্য সৌন্দৰ্য ব্যাপ্ত বিশ‌্বজনীন অনন্ত সাংঙ্গীতিক শান্তিৰ মধুৰ মনোময় মুষল বাৰিধি

চিৰসত্য দেৱতুল্য সুৰম্য মাধুৰ্য্যমণ্ডিত জ্যোতিৰ জ্যোতিৰূপা চিৰ বসন্ত বুলীয়া অমেয় অমিয়া সেউজ সোণালী দীপ্তিৰে দীপ্তমান জ্যোতিৰ্ময়ী হিৰণ কিৰণময়ী পৃথিৱী অনিবৰ্চনীয় অনন্য সুন্দৰ প্ৰকৃত মানুহ গঢ়াৰেই প্ৰণোচ্ছল জ্ঞানোচ্ছল অব্যৰ্থ শিল্পীৰ চিত্ৰশিল্প সৃষ্টিশীলতা সৰ্বস্ব সৰ্বাঙ্গ সুন্দৰ ৰমনীয় স্বপ্নোজ্বল প্ৰাঞ্জল উজ্জ্বল প্ৰেমপ্লাৱিত পৃথিৱী

সত্য সুন্দৰৰ পুজাৰী কৃচ্ছসাধনসিদ্ধ জ্যোতিৰ শিল্পিত শৈল্পিক অনন্ত সুৰীয়া প্ৰেমময় ধ্বনি প্ৰতিধ্বনি ঐকান্তিকতাপূৰ্ণ অন্তঃকৰণেৰে এবাৰ হৃদয়ঙ্গম কৰা যদি তুমিও হ’বা সুন্দৰ পৃথিৱীৰ সৰ্বাঙ্গসুন্দৰ মানুহ অসম অসমীয়াও পৃথিৱীত হ’ব সুন্দৰ সোণালী ৰূপকোঁৱৰৰ শিল্পী হাতৰ সুলভ ৰূপালী জোনাকে সৰ্বাঙ্গসুন্দৰ কৰিব জ্যোতিৰ জ্যোতিৰ্ময় পৃথিৱী

মহা মনিষীৰ মহিমামণ্ডিত স্বৰ্ণাভ বৰ্ণাভ স্বপ্নও মুক্ত উজ্জ্বল চন্দ্ৰ সূৰ্য্য নক্ষত্ৰ পুঞ্জৰ দৰে চিৰদিন চিৰকাল উমাল তেজাল চান্দসিক সাংঙ্গীতিক ধাৰাৰে সেউজ সুন্দৰ সুৰম্য পৃথিৱীত থাকিব উজ্বলি

নৱপ্ৰজন্মৰ ব্যক্তিত্ত্বত অনিবৰ্চনীয় সুৰম্য প্ৰেমৰ সমুদ্ৰ চিৰ বসন্তৰ উচ্ছল উলাহেৰে উঠিব উথলি জ্যোতিৰ জ্যোতিৰূপা বাৰিধি যে নিত্য নিৰৱধি

#assamesekobita #axomiyakobita #jyotirbaridhinityanirabodhi #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page