top of page

জোনাকে বিচাৰে পোহৰ

বাকৰুদ্ধ আজি জনতা চাৰিওফালে উৰিছে কেৱল অবিশ্বাসৰ ধোঁৱা।

ধুঁৱলি কুঁৱলিত পথভ্ৰষ্ট দৰিদ্ৰই ভোকৰ ভাতত বিচাৰিব খোজে সৰগ।

সময়ৰ গতিত পদপিষ্ট নি:শ্বজনৰ ক্ৰন্দন আজি মাথো অৰণ্যৰোদন।

ক্ষমতাৰ খকত দবৰা দবৰি বগৰা বগৰিত অন্ধৰ লাখুটিয়ে বাট হেৰুৱাই।

জোনাকে পোঁহৰ বিচাৰি সাৱটি লয় আন্ধাৰ।

#SahityaChorcha #jonak #axomiyakobita #junak #assamesekobita

0 views0 comments

Related Posts

See All
bottom of page