top of page

জুইফুল

  • Sahitya Chorcha
  • Jan 28, 2021
  • 1 min read

জুইফুল খেদি খেদি জুইৰ আৱেষ্টনিত হেৰাই গ’ল শৈশৱ,কৈশোৰ,যৌৱনৰ জুইফুলীয়া সপোন। মেটেকাবুলীয়া আবেলি এটাৰ সুঘ্ৰাণ সাৱটি গধুলিটো ঘনঘোৰ তমসাত বুৰ গ’ল। হেৰোৱা সুবাস এটি আঁচলত বান্ধি কংক্ৰীটৰ শেলুৱৈডৰা গাভৰু হ’ল, সেমেকা গোন্ধ এটি বুকুলৈকে উজাই টানি গাঁওখন চহৰলৈ ঢাপলি মেলিলে। বাট হেৰুওৱা হেঁপাহবোৰ থমকি ৰৈ গ’ল কণমানি আশা এটিয়ে জিৰণি ল’লে পথৰ দাঁতিৰ পাৰ উপচা ডাষ্টবিনৰ কোলাত।

Kommentare


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page