জয়াৰ বিননী
- Feb 24, 2021
- 1 min read
শুনিছোঁ জেৰেঙাত জয়াৰ বিননী যুগৰ ব্যস্ত জীৱনত শুনিবলৈ কাৰোৰে আহৰি নাই। স্বদেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহিদৰ জননীযে কান্দে হিয়া ভাঙি। অনাথ শিশুৰ টেঁটুফলা চিঞৰ। এমুঠি অন্নৰ বাবে কতজনী গাভৰুৰ যৌৱন বিক্ৰীহোৱা সন্তাপ ধৰ্ষিতাৰ হিয়া ভঙা কান্দোন। শ্ৰমজীৱী শোষণৰ বলি হৈ হুমুনিয়াহৰ পেটত গামোচাৰ বান্ধ। কাল আমানিশা শ্মশানত যৌৱনত অনাকাংক্ষিত মৃত আত্মাৰ বিকৃত আৰ্টনাদ। জেৰেঙাত জয়াৰ উচুপনি জাঁজী হৈ বৈ যায় লুইত ধীয়াই নাৱৰীয়া ছদ্মবেশত গদাপাণি নীৰৱ দৰ্শকৰ বৈঠা বায়। আজিও কান্দিছে সতী জয়মতী আই বৰ্তমান সময়ৰ কেৰুনবোৰ চাই দুগালে দুধাৰী অবুজ চকুলো বোৱাই।




Comments