জন্মদাত্ৰী
- Sahitya Chorcha
- Jan 29, 2021
- 1 min read
মোৰ হৃদয়ৰ তুমি ৰাজতৰঙ্গিনী। মোৰ বুকুৰ উশাহত নিতৌ ফুলি থকা এপাহী সদ্যপ্ৰস্ফুটিত সিক্ত ৰক্ত গোলাপ। মৌ-বৰষা তোমাৰ অমীয়া মাতত বিপ্লবে উঠলি উঠা মোৰ দেহ হৈ পৰে বৰফৰ দৰে চেচা। নিদ্ৰাবিহীন নিশাবোৰত তোমাৰ মায়াসনা চকুযুৰিয়ে মোক বৰকৈ আমনি কৰে অ’ মা। কিয় জানো নাজানো এই কেইদিন তোমালৈ বৰকৈ মনত পৰিছে অ’ সেই বাবেই নেকি মোৰ অন্তৰত শিপাই থকা শব্দ বোৰো মোৰ পৰা পলাই ফুৰিছে দূৰে দূৰে
তুমি বিহীন দিনবোৰ মোৰ নাযায় নুপুৱাই। এতিয়া,এক শূণ্য অস্তিত্বক লৈ মই জীয়াই আছো। আভিজাত্যৰ মেৰপাকত সোমাই সঁচা মৰম ভালপোৱাৰ অভাবে মোক কৰি তুলিছে ৰংহীন,বৰ্ণহীন আৰু প্ৰাণহীন। এই বিশাল জনসমুদ্ৰৰে আবৰি থকা পৃথিবী খনত মোৰ আপোন বুলিবলৈ কোনোৱেই নাই। অকলশৰীয়া পথিক মই। কেতিয়াবা অকলশৰীয়া নিশাবোৰত তুমি জিৰণি লৈ থকা অজান দেশত ৰাজ আলিয়েদি দৌৰি দৌৰি গৈ তোমাৰ বুকুৰ উম লবলৈ মন যায়। “মা” তুমি হয়তো নাজনা তোমাৰ ৰক্তস্ৰাবেৰে ৰাঙলী হোৱা ৰঙীন পৃথিবী খনত হৈছিল এক সন্তাপিত নিশ্বাসৰ মৃত্যু। কাৰণ,তুমি মোৰ জন্মদাত্ৰী “মা”।
Comments