চিৰন্তন হোৱা সচেতন
- Sahitya Chorcha
- Jan 2, 2021
- 1 min read
তুৰ্য্য বাজে সূৰ্য্য নাচে গণ হুংকাৰত পৃথিৱী কঁপে হেংদাংত জিলিকিছে মৰণ পণ প্ৰতিবাদ বিপ্লৱেই আমাৰ জীৱন
থমকি নৰ’বা দেশৰ ডেকা গাভৰু নিৰ্ভীক বীৰত্বৰে হোৱা আগুৱান
তোমাক জনালো সংগ্ৰামী অভিনন্দন চিৰন্তন হৈ ৰোৱা সজাগ সচেতন
অস্তিত্ব ৰক্ষাৰ ৰণ ৰাইজৰ তেজাল ৰণ জনজাগৰণদীপ্ত জাতীয় পণ
অবজ্ঞা কৰিলে নৰ’ব ন’ৰব হামচৈয়া হেঙুল হাইতাল অস্তিত্ব সুৰক্ষিত নহ’ব জাতীয় জীৱন
হোৱা হোৱা জনগণ চিৰন্তন সচেতন
Comments