চিন্তাৰ প্লাৱন
- Sahitya Chorcha
- Dec 23, 2020
- 1 min read
হৃদয় অজস্ৰ ভাৱনাৰে আপ্লুত জানো কিবা মনত খেলি মেলি ভিন্ন চিন্তাৰ ঢৌ উঠিছে মনত কিন্তু কবলৈ একো নাই। চিন্তাৰ প্লাৱনত বুৰ গৈছোঁ মই চৌদিশে কলা ডাৱৰে হেঁচি মনক আৱৰে কিন্তু কবলৈ একো নাই। বুকুত ভিন্ন শব্দৰ গুঞ্জন হলেও কি হব ? সংবেদনৰ অভাৱ দেহত হৈ আছোঁ আৱদ্ধ মাজত অটুট চাৰিবেৰ বৃহৎ যেন কোনো ফালে নাই মন মুকুলাবৰ পথ কিন্তু কবলৈ একো নাই।
Comments