চিগাৰেট
- Sahitya Chorcha
- Apr 24, 2021
- 1 min read
মই চিগাৰেট, পকেটে পকেটে মোৰ বিভিন্ন বেশ, মোৰ গোন্ধেৰে মই এচামক আকৃষ্ট কৰোঁ, ক্ৰমান্বয়ে আসক্তিলৈ ৰূপান্তৰ কৰোঁ। ধোৱা হৈ হাওঁফাওঁত গৈ বহো, বিষাক্ত নিকোটিনেৰে নখক্ষত কৰি হাওঁফাওঁ ক্ষতিগ্ৰস্ত কৰোঁ; দুৰাৰোগ্য ৰোগৰো সৃষ্টি কৰোঁ। কত কিশোৰে মোৰ আঙুলিত ধৰি ডেকা হ’বলৈ শিকে, মোৰ সহায়ত হেনো উদ্বিগ্নতা কমে; সিহঁতে মোক উদ্দীপক বুলি মনে প্ৰাণে মানে। সেইবাবে মই অহংকাৰ কৰো, বহুত শিক্ষিতক মই আঙুলি ঠাৰত নচুৱাব পাৰোঁ, লাহে লাহেকৈ হৃদৰোগৰো কাৰণ হৈ পৰো। কোনোবাই বেয়া পালেও মই পৰোৱাই নকৰো, উদ্দীপকৰ ভাও ধৰি উৎপীড়ণ কৰোঁ।
Comments