top of page

চাকনৈয়া

অনাকাংক্ষিত ভাবেই আহিছিল খবৰটো তোমাৰপৰা বিদায় মগাৰ চিৰকাললৈ…

সেঁতুখন মজবুতকৈ বান্ধিব নোৱাৰিলো.. তোমাৰ-মোৰ মাজৰ নোৱাৰিলো বাস্তৱায়িত কৰিবলৈ তুমি মই একেলগে দেখা সপোনবোৰক…

চৌদিশ আৱৰি ৰ’ল মাথোঁ আন্ধাৰৰ প্ৰহেলিকা… য’ত বিলীন হ’ল সহচৰী ৰাতিৰ উশাহবোৰ.. দিশহাৰা জীৱনৰ বক্ৰৰেখাবোৰ..

ব্যতিব্যস্ত নহ’বা তুমি মোৰ অনুপস্থিতিত.. হাহাকাৰো নকৰিবা অস্তিত্ব বিচাৰি মোৰ ভালপোৱাৰ.. মই যে খোজকাঢ়িবলৈ শিকিছোঁ বাস্তৱ পৃথিৱীত।

কোনে কয় মোৰ সপোন নাই!! তোমাক বিচৰাৰহে হাবিয়াস নাই অন্যথা মনাকাশত দেখোন ভাৱনাবোৰে ঢৌৱেই খেলাই যায়…

1 view0 comments

Related Posts

See All

Comments


bottom of page