top of page

চক্রবেহুত মোৰ চেনেহৰ স্বদেশ

  • Sahitya Chorcha
  • Jan 5, 2021
  • 1 min read

জাতিটোক চক্রবেহুৰ ভিতৰত সুমুৱাই লৈ ঘৰিয়ালৰ চকুপানী নুটুকিবি। নিজৰ ভাষাটো এলাগী কৰি পশ্চিমীয়া ভাষা-সংস্কৃতিৰে প্ৰজন্মক উদ্বুদ্ধ কৰিলি ভাষা যাই, জাতি যাই বুলি ৰাজপথত চিঞৰিলে ভাষা, জাতি, মাটি, ভেঁটি, ৰক্ষা নপৰে সহোদৰ।

ক্ষমতা দখলৰ কু-অভিসন্ধিৰে বিদেশীক বৰপিড়া পাৰি বহুৱালা, স্বাৰ্থ সিদ্ধিৰ গোপন অংকৰে ৰাইজক আন্ধাৰত ৰাখি কৌশলেৰে আভুৱা ভাৰিলা, বিদেশীক স্ব-দেশী সজালা। এতিয়া সুবিধাবাদী ৰাজনীতিৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি প্ৰজন্মৰ ভবিষ্যত ধ্বংস কৰিব খুজিছা? স্বাৰ্থ সিদ্ধিৰ বাবে এই ভাওনা আৰু কিমান দিন, জনতাই তহতৰ স্বৰূপ বুজিছে নিৰিহৰ তেজেৰে ৰাঙলী ৰাজপথ, দেশমাতৃয়ে নীৰৱে চকুলো টুকিছে।

হেৰৌ অসমৰ মেহনতি কৃষক বনুৱা, দুৰ্নীতি মুক্ত কৰ, শোষণ বঞ্ছণাই দেশ আগুৰি ধৰিছে সমুলঞ্চে নিৰ্মূল কৰ। কৰ্ম সংস্কৃতি গঢ়, হাতে কামে কৰ, জাতি মাটি ভেঁটি ৰক্ষাৰ বাবে ঐক্যবদ্ধ হৈ, অহিংসা পন্হাৰে সংগ্ৰাম কৰ। দেশ আৰু জাতিৰ প্ৰয়োজনত, জীৱন পণ কৰ!

নহলে খৰ্ব হব আমাৰ জাত্যাভিমান সুবিধাবাদীয়ে কাঢ়ি নিব জননীৰ মান। সময় থাকোতে সকলোকে সংগঠিত কৰ, শতৰু আহিছে ন ৰূপেৰে সাঁজু হ সাঁজু হ ন অসমীয়া সৌৰ্য-বীৰ্য লাচিতৰ বংশধৰ।

নহলে – শক্রৰ চক্রবেহুত, অভিমন্যু হবলৈ বেছি দিন নালাগিব। ভাষা সংস্কৃতি সকলো বিদেশীয়ে কাঢ়ি নিব !!

ন অসমীয়া শৰাইঘটিয়া দুবাহুত অসীম বল, সংকট কালত বহি নাথাকিবি জাতি, ধৰ্ম, বৰ্ণ সকলোয়ে মিলি শক্রক প্ৰতিৰোধ কৰ। লুণ্ঠনকাৰী আৰু বিভাজনকাৰী তহত দেশ আৰু জাতিৰ শক্র, তহতৰ কৌশল নহয় সফল। অসমীয়া আজি জাগিছে, বিফল হব তহতৰ ৰণকৌশল। বিফল হব তহতৰ ৰণকৌশল!!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page