গনিকালয়ত ভৰি থৈ
- Sahitya Chorcha
- Jan 29, 2021
- 2 min read
পাট গাভৰু মই জীয়া অনুভৱে কন্দুৱাইছে জীৱনৰ বাটত অবাঞ্চিত সপোনে কোঙা কৰিছে জীৱন, দেই পুৰি গৈছে মন, যন্ত্ৰণাত সৃষ্টি হৈছে সীমাৰেখা জীৱনৰ।
মদপী পিতৃ মোৰ প্ৰতি নিশা ঢলংপলং কৰি আহে ঘৰলৈ, ভেকেতা ভেকেত মদৰ গোন্ধ অত্যাচাৰত জুৰুলা হয় অজলা মাতৃ মোৰ, এইয়া জীয়া জীৱনৰ ছবি প্ৰতি নিশাৰ।
বন কৰা ছোৱালী মই, লোকৰ ঘৰত কাম কৰি কষ্টত বুটলিছোঁ জীৱনৰ জটিল পুৰস্কাৰ, মদপী পিতৃলৈ ভয় লাগে মাৰ পিট কৰে বুলি দুৱাৰৰ চুকত লুকাওঁ।
বহু নাৰী ধৰ্ষিতা হয়, নিষ্কণ্টক হবলৈ ডিঙি চেপি হত্যা কৰা শুনিছোঁ, ধৰ্ষণকাৰী বিচাৰৰ কাঠ গড়াত ঠিয় হয় হত্যাকাৰী ৰূপত, শাস্তি ভোগে আইনৰ মজিয়াত।
বহুবাৰ নষ্ট হৈছে মোৰ শৰীৰ কুমলীয়া বয়সতে দুৰ্ব্বিসহ যন্ত্ৰণাত ভূগিছোঁ, বীভৎস হাঁতোৰাৰ পৰা মুক্ত হবলৈ হাবাথুৰি খাই দৌৰিছোঁ, পলাবলৈ আউসীৰ আন্ধাৰ বিচাৰি পোৱা নাই।
জীৱনটো নুবুজা সাথৰ, সংশয়ৰ দোমোজাত বন্ধকী জীৱন দানৱৰ কামনাত ক্ষত বিক্ষত শৰীৰ, অসহ্য ক’লা অধ্যায় জীৱন নাটৰ। জীৱন বাটৰ।
যৌৱন বিক্ৰি কৰা চক্ৰৰ হাতোৰাত কলঙ্কিত হৈছোঁ– বন্দী হৈ ৰৈছোঁ, সুখৰ মজিয়া টকাৰ জুখিবলৈ লাঞ্চিত প্ৰৱঞ্চিত হৈছোঁ, অবাঞ্ছিত চেতনাই মগজু ৰুকি ৰুকি খাইছে।
নিৰুপায়! গনিকালয়ত নাটকৰ নায়িকা হলোঁ, পতিতালয় মোৰ নাটঘৰ , দাসত্বৰ বন্ধনৰ জুপুৰি ঘৰ, লেতেৰা চৰিত্ৰৰে সজাইছোঁ নিজক, সংশয় বুকুত বান্ধি আগুৱাই গৈছো।
গনিকালয়ত উজাগৰি নিশা উচুপি থাকো সৎভাৱনাই বেদখল কৰিব নোৱাৰে ইয়াত, নিঃকিন গলিৰ শেষ নম্বৰৰ ঘৰটোৰ বন্ধ কোঠাত লেনা দেনা কৰিছোঁ জীৱন, উপাৰ্জন বাঢ়িছে মোৰ।
আবেগ বৰ্জ্জিত বেপেৰুৱা সুখত ওপঙি আছোঁ, গ্ৰাহকৰ ৰূপত বহু বেইমান পুৰুষ লগ পাইছোঁ, লাইচেন্স বিহীন অস্পৃশ্যতাৰ বোজা বৈ অনুশোচনাত ভুগিছোঁ ।
প্ৰৱঞ্চনাৰ গৰাহত ককবকাই আছো, উপভোগৰ মজিয়াত হাবু ডাবু খাইছোঁ, সস্তীয়া স্বপ্নত উটি ফুৰিছোঁ ঘৃণা লগা পৰিবেশ সাৱতি ধৰিছোঁ লালসাৰ বাহিৰে অন্য কথা মগজুত খুন্দা নামাৰে।
পুৱাৰ সুৰুজ চাবলৈও আহৰি নাই ইয়াত, বেশ্যালয়ত ঈশ্বৰ আৰাধণা নহয়, প্ৰতিবাদৰ আন্দোলন নাই, উৎফুল্লিত হৈ প্ৰসাধন ঘঁহিছো যৌৱন শেষ হলে এদিন আলাই আথানি হব শৰীৰ।
ความคิดเห็น