top of page

কৃষ্ণ লীলা ৰাসক্ৰিয়াত এক দৃষ্টিপাত

কৃষ্ণৰ জ্যোতিময় চৰণ কমলত অমল অভিনিৱিষ্টতাৰে আত্ম উৎসৰ্গা কৰি যি অচিন্ত্য অনন্ত অনিবৰ্চনীয়া স্বপ্নময়ী অনিৰ্বাৰ আত্মিক আনন্দ অনুভূতি প্ৰাপ্তি হয়, সেইয়াই হ’ল প্ৰাঞ্জল প্ৰদীপ্ত শাশ্বত ভাস্বত স্বৰ্ণাভ বৰ্ণাভ আত্মমুগ্ধতা আস্তীৰ্ণ অখন্ডমণ্ডলমণ্ডিত অত্যাশ্চৰ্য্য মহাৰাস ৰসসিক্ত পৱিত্ৰ সমূজ্জ্বল অনন্ত বসন্তোচ্ছল প্ৰেমানন্দ । শ্ৰীমৎভাগৱতৰ ৰাস পঞ্চাধ্যায়ত সৃষ্টিতত্বত এই দিশ সমূহ নৱ অৰ্ণোদবৰ্ণা বসন্তোচ্ছল কসুমগন্ধা উজ্জ্বল আকাশৰ উন্মূক্ত সূৰ্য্যৰ দৰেই নিৰৱধি নিৰ্মলতাৰে বৰ্ণিত হৈছে । ঈশ্বৰ পৰমব্ৰহ্ম , মায়া ঈশ্বৰৰ অধীন, আৰু জীৱৰ মন মায়াধীন । মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ঈশ্বৰত শৰণ লৈ আত্মা সমৰ্পণ কৰিব নোৱাৰিলে এই পৰাকাষ্ঠাস্পৰ্শী অনন্ত সূৰ্য্য প্ৰেমৰ পথিক কোনোৱেই হ’ব নোৱাৰে আৰু এই অনন্তসূৰ্য্য সংস্কাৰৰ মহত্ত্বম স্বৰ্ণমণ্ডিত মধুৰতম মকৰন্দ পাণ কৰিব নোৱাৰে। অনন্ত সূৰ্য্য সংস্কাৰৰ বাবে বিস্তৰ শাস্ত্ৰ অধ্যয়ন কৰি ঋষি মুনি তপস্বী হোৱাৰ প্ৰয়োজন নাই । এই নিপুন দক্ষতা কুশল কাৰ্য্যকৰ্মশীল সাত্ত্বিক তাত্বিক সত্যসিদ্ধ তত্ত্বৰ বাস্তৱ প্ৰতিফলন হ’ল গোৱালী সকল । ইয়াত প্ৰদৰ্শিত কৰা হৈছে চতুৰ্বৰ্গাশ্ৰমৰ মাজত থাকিয়েই কৃষ্ণ সেৱা কৰিব পাৰি আৰু জীৱ মুক্ত হ’ব পাৰি । অনস্বীকাৰ্য অময়া অমিয়া মহিমামণ্ডিত মধুৰতম গৰীয়ান জ্ঞান পাব পাৰি । অৰ্থাৎ কৃষ্ণত শৰণ লৈ নিগমতত্ত্ব নিমগ্নতা লাভ কৰি জীৱৰ সংস্কাৰপূৰ্ণ ঊৰ্দ্ধগতিৰ সাৰল্যতা সমাহিত সাধন লাভ কৰিবলৈ যি জ্ঞানে সন্মাৰ্গ প্ৰদৰ্শন কৰে।

ব্ৰজ্ৰৰ গোৱালী সকলেকেই গোপী বুলি কোৱা হয় ।” গো” পদে বেদ আৰু এই বেদ অৰ্থাৎ জ্ঞানবিধৌত প্ৰজ্ঞাপ্লাৱিত ৰাসামৃত পান কৰোতা জনেই গোপী । আনহাতে ভাগৱত ৰস পান কৰা সকলেই কৃষ্ণ ভাৱাপণ্ণ স্বৰ্ণমণ্ডিত মহানতম মহাপ্ৰেমী । প্ৰেমে পূৰ্ণতা লাভ কৰিবলৈ প্ৰস্তুতি , সন্মতি আৰু স্বীকৃতি এই তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে । সেইবাবেই গোৱালী সকলে কৃষক স্বামী হিচাপে পাবলৈ কাত্যায়নী ব্ৰত পালন কৰিছিল । প্ৰস্তুতিৰ আধাৰত যমুনাৰ পাৰত কাত্যায়নীক ঘটক ৰূপী বালিৰ মূৰ্তি সাজি গোপী সকলে পূজা কৰি যমুনাত বিবস্ত্ৰ হৈ গা ধুইছিল । এনে সুযোগতে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰিছিল । ইয়াৰ আধ্যাত্মিক যোগাৰ্থ হ’ল যমুনা ভৱ সাগৰ, পানী হ’ল মায়া, বস্ত্ৰ বা আৱৰণ হ’ল অহংকাৰ কাম ক্ৰোধ লোভ মোহ আৰু কৃষ্ণ হ’ল অনাদি অনন্ত অচিন্ত্য সৰ্বদুখহাৰী সৰ্ব্বেশ্বৰ । ভৱ সাগৰত কৃষ্ণময় প্ৰগাঢ় প্ৰদীপ্ত প্ৰকৃত প্ৰেম লাভ কৰিবলৈ হ’লে , মায়া আৱৰ্তৰ পৰা আৱৰণ হীন হৈ, লোভ মোহ মায়া ক্ৰোধ দম্ভ অহংকাৰ ত্যাগ কৰি কৃষ্ণত আত্ম সমৰ্পণ কৰিব লাগিব । গোপী সকলে তাকেই কৰিলে । প্ৰথম স্তৰ সম্পণ্ণ কৰাৰ পাছত কৃষ্ণই সন্মতি প্ৰদান কৰিলে ,এয়েই প্ৰকৃত বস্ত্ৰ হৰণ । অৰ্থাৎ সংসাৰৰ মায়া অতিক্ৰমী গোপী সকলে কৃষ্ণ প্ৰেমত সন্মতি পালে । বস্ত্ৰ হৰণ অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ অহংকাৰ হৰণৰ এই সময় আছিল দেহতত্ত্ব সমন্ধিত গভীৰ গম্ভীৰতা বিস্তীৰ্ণ বিশিষ্ট মহা মহত্ত্বম তাৎপৰ্য্যনিহিত শীত কাল। কিন্তু তেওঁলোকৰ স্বীকৃতি প্ৰাপ্তিৰ সময় শেৱালি সুশোভিত নিৰ্মল প্ৰশান্তিৰে পৱিত্ৰ প্ৰাঞ্জল উজ্জ্বল শৰৎ কালহে। শৰৎৰ শেৱালি হ’ল দুখ বেজাৰৰ প্ৰতীক ।

ৰাতি ফুলি ৰাতিতে সৰি পৰাৰ দৰে সকলো মনৰ অন্ধকাৰ নিঃশেষ হ’ব লাগিব চিদ্ৰশূন্যতাৰে সৰ্বকালৰ বাবে । ইয়াৰ পূৰ্ণোদ্যমী অভিনিৱিষ্টতা অধ্যৱসায়ী অনিৰুদ্ধ অনিৰ্বাৰ প্ৰদীপ্ত প্ৰস্তুতি হ’ল মনোময়তাদীপ্ত মনস্বী মদিৰ মোহন মুৰুলীৰ মন্ত্ৰমুগ্ধ ধ্বনি অহৰ্নিশে শ্ৰৱন । মুৰূলী সপ্তৰন্ধযুক্ত বৈশিষ্ট্যতাৰে বিশিষ্ট গাঁণ্ঠিশূন্য বাদ্য । গাঁঠি থাকিলে বংশী ধ্বনি যিদৰে হ’ব নোৱাৰে , থিক সেইদৰে কৃষ্ণৰ প্ৰেমৰ ৰসামৃত পান কৰিবলৈ হ’লে হৃদয় গাঁঠি শূন্য হ’ব লাগিব। এই গাঁঠি খোলাৰ স্বৰ্ণমণ্ডিত প্ৰক্ৰিয়াটোৱেই হ’ল কৃষ্ণৰ কমল চৰণত আত্মসমৰ্পণাত্মক ঐকান্তিকতাপূৰ্ণ শৰণ। অৰ্থাৎ আত্মা পৰমাত্মাত সমৰ্পণ কৰি , কৃষ্ণৰ বন্দনা সমাহিত গুণ গান একান্তমনে কৰিব লাগিব সপ্তকাৰ্য্য সাধন সিদ্ধি লাভেৰে বিষ্ণু জ্ঞান মহাতত্ব প্ৰাপ্তিৰ বাবে। এনেদৰে প্ৰেমত অগ্ৰসৰ হওঁতে শৰৎৰ পূৰ্ণিমা তিথি আহি গোপী সকলৰ সন্মুখত উপস্থিত হ’ল। বৃন্দাবন অৰ্থাৎ মহাআনন্দৰ স্থানতেই আৰম্ভ হ’ল অনন্ত প্ৰেমামৃত ৰসাস্বদনৰ প্ৰক্ৰিয়া ৰাসক্ৰিয়া । মহাপ্ৰেমৰ অমৃত প্ৰাপ্তিৰ বাবে যি ক্ৰিয়া কৰিব লাগে সেইয়াই হ’ল ৰাসক্ৰিয়া ।এই ক্ৰিয়া জীৱাত্মাই পৰমাত্মাৰ লগত কৰা অনাবিল অমিয়া অময়া মিলন ক্ৰিয়া ।

প্ৰেমৰ অমৃতৰস পান কৰি অমৰত্ত্ব লাভৰ বাবে মহাজ্ঞানী সকলে এই তৃতীয় স্থানত প্ৰৱেশ কৰিব লাগে । অৰ্থাৎ ধ্যান ধাৰণা আৰু যোগ সমাধিত লয় যোগেৰে লীন যাব লাগে । দেহতাত্ত্বিক দৃষ্টিৰে দৃষ্টিপাত কৰিলে আমাৰ নিজ দেহতে এই তিনি স্থান প্ৰত্যক্ষ কৰিব পাৰি ।সেই তিনিস্থান হ’ল ক্ৰমে শৰীৰ ধৰ্ম স্থান, মন বিচাৰৰ স্থান, হৃদয় হ’ল ভক্তিপূৰ্ণ আনন্দৰ স্থান। যি ভক্তি হ’বলাগে প্ৰেমবৈৰাগ্য, উৰ্জিতাউৰ্মিল ভক্তি সমৃদ্ধ কৈৱল্যতাব্যাপ্ত । শক্তি আৰু প্ৰজ্ঞাপ্লাৱিত প্ৰদীপ্ত প্ৰেমৰ মিলন হ’লেই প্ৰৱল্যতাৰে প্ৰেমানন্দ অনুভৱ কৰিব পাৰে। সেউজ সুন্দৰ অনিবৰ্চনীয় অমৰ অমৃতময় প্ৰেমৰ স্থানেই হ’ল বৃন্দাবন।দেহতাত্ত্বিক দৃষ্টিত হদয়কেই বৃন্দাবন বুলি ক’ব পাৰি । পৰমাত্মাৰ লগত জীৱ আত্মাৰ মহামিলন লীলাই হ’ল ৰাসলীলা যি ইন্দ্ৰীয়তৃপ্তিশূন্য জৈৱিকতা বৰ্জিত অনঙ্গ প্ৰেমৰ ইন্দ্ৰীয়াতীত মহাআনন্দ লীলা । এই ৰাসৰ মাজেৰে পাৰ্থিব তথা আধ্যাত্মিক জীৱনৰ পৰমাৰ্থিকতাপূৰ্ণ ত্ৰৈগুণ্য উন্নীত তত্ত্ব পূৰ্ণ ৰূপে প্ৰতিফলিত হৈছে ।দৈনন্দিন কাৰ্য্য কৰ্ম সম্পাদনৰ শেষত , বিশ্ৰামৰ সময়ত জীৱ আত্মা পৰমাত্মাৰ লগত নিবিৰ নীৰৱতাৰে নিমগ্ন হয় ৰাসক্ৰিয়াত, পাৰ্থিব জড়তা বহিৰ্ভূত হৈ । অৰ্থাৎ ই লোক নিন্দা, ,সত্য সুন্দৰ শিৱ ধৰ্মৰ সৌন্দৰ্য নিন্দা আৰু ভৌতিক প্ৰাণৰ সংশয়ৰ শত শত সহস্ৰ সহস্ৰ কৌটি গুণ ঊৰ্দ্ধত । এই তিনি সংশয় থাকিলে ৰাসক্ৰিয়া সম্ভৱ নহয় । কৃষ্ণই ইয়াৰে পৰীক্ষা কৰিছে গোপী সকলৰ মাজৰ পৰা অন্তৰ্ধ্যান হৈ। অন্তত গোপী প্ৰেমত অৰ্থাৎ ভকতৰ আৱৰণহীন প্ৰেমত কৃষ্ণ সন্তুষ্ট হৈ সকলোৰে লগত কেলি কৰিলে যতগোপী তত কৃষ্ণ হৈ । জ্ঞান বিজ্ঞান তদঙ্গ ৰহস্য ভেদীব পৰা জনেই প্ৰয়োগিক দিশেৰে অনুভৱ কৰিব পাৰে যে ৰাসক্ৰিয়া মূলতঃ অনঙ্গ কেলি বা কাম জয় কেলি ।যাৰ দ্বাৰা কুলকুন্ডলিনী শক্তি জাগ্ৰত কৰি শত চক্ৰ পৰিভ্ৰমনেৰে জীৱনৰ উদ্দেশ্য ভেদ কৰি ,প্ৰকৃত মানৱী জীৱনৰ আত্ম দৰ্শন লাভ পশ্চাৎ পৰমাত্মাৰ বিশ্বৰূপ দৰ্শন স্বচ্ছতাৰে অনায়সে মানসচক্ষুৰে কৰিব পাৰি আৰু জীৱনক পূৰ্ণতা প্ৰদান কৰিব পাৰি । তাত্ত্বিক সাত্ত্বিক সম্যক দৃষ্টিত এয়ে হ’ল মহা মহিয়ান গৰীয়ান মহা মহত্ত্বম অনিবৰ্চনীয় কৃষ্ণৰ প্ৰগাঢ় প্ৰদীপ্ত প্ৰেমলীলা বা ৰাসলীলা ।

0 views0 comments
bottom of page