top of page

কৃষ্ণচূড়াঁৰ

এই শুনানা কথা এটা তোমাৰ দুকান পাতি ৷ তোমাৰ ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷৷ মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণীক দিয়া জোকাৰি ৷ ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি৷৷ তোমাৰ মনৰ পছন্দৰে আনি যে দিছিলা গুলপীয়া শাৰীখন৷ গোলাপৰ ফুলেৰে অংকন কৰি থোৱা আছিল আচঁলখন৷৷ পিন্ধিছিলো অতি হেপাঁহেৰে মেৰিয়াই দেহত সৰস্বতীৰ পূজাত৷ নিজকে অতিব সুন্দৰী দেখিছিলো সেইদিনা আইনাৰ আগত৷৷ পৰেনে মনত তোমাৰ কলেজৰ কেম্পাচৰ কৃষ্ণচূড়া জোপালৈ৷ বহিছিলোঁ শীতল বতাহচাটিত তল সৰা কৃষ্ণচূড়াৰ ফুলৰ মাজত৷৷ গুলপীয়া শাৰীখনে উতলা কৰিছিল বুলি কৈছিলা তোমাৰ বুকুত৷ লাজতে মৰহি গৈছিলোঁ গুলপীয়া কৰি মোৰ দুগালক তোমাৰে হৃদয়ত৷৷ শুধিছিলো মই লাজ, লাজ কৈ তুমি বাৰু মোৰ অৱিহনে আনক দেখা নে ধুনীয়া৷ কেতিয়াবা দেখো দুচকু জপাই অতিব সুন্দৰীক কাক, জানানে মাথোঁ তোমাক৷ আসঃ চকুহালি জপাই দিছিলোঁ এক আনাবিল সুখত তোমাৰ প্ৰেমৰ সুভাসত ৷৷

2 views0 comments

Related Posts

See All

Yorumlar


bottom of page