top of page

কোমল প্ৰকৃতিৰ বেদনা

  • Sahitya Chorcha
  • Jul 1, 2021
  • 1 min read

নিৰ্মল কোমল প্ৰকৃতিৰ ওপৰত এখন সম্পূৰ্ণ আকাশ, উদিত সূৰুযৰ পোহৰ আছিল কিন্তু ৰ’দ নাহিল। নীলাবোৰ ডাৱৰেৰে ঢাক খাই থাকিল। বৰষুণত তিতাৰ হেঁপাহত আকাশলৈ চাই ভাগৰি পৰিল;

ৰ’দ বৰষুণৰ অভাৱত সেউজীয়াবোৰ হালধীয়া হ’ল। প্ৰকৃতিৰ বুকুত শিল গজিল! শিল খহটা আৰু শুকান হৈ পৰিল।

আবেলি সময়ত পশ্চিম আকাশৰ পৰা বৰষুণ আহিব বিচাৰিছে। বতাহে উৰুৱাই নিনিলে, বৰষুণৰ বহল বক্ষত তিতি বেদনাবোৰ যাব বৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page