top of page

ক’বানে ভাল পাওঁ বুলি

  • Sahitya Chorcha
  • Jan 22, 2021
  • 1 min read

কৰোবাক ভাল পাওঁ বুলি ক’লেও ভাল পাওঁ বুলি ভাবিলেও সঁচা মৰমবোৰ পোৱা হয় জানো বিচাৰি মোৰ যে মনত বাৰে বাৰে দোলা দিয়া নিৰবিছিন্ন ভাৱনাবোৰে ধৰে আগুৰি মৰমৰ নীৰৱ যন্ত্ৰনাবোৰে মোৰ বুকুৰ স্পন্দনত নাচি-বাগি মোৰ দেহৰ শিৰাই, উপশিৰাই অজানিতে বৈ আহে যেন এখন তৰংগিনী। তোমাৰ মৰমৰ সান্নিধ্য বিচাৰি। মোৰ শংকা হয়, কিজানিবা, মিছাকৈ আশা কৰিছো নেকি ? মই যে তোমাক ভাল পাওঁ সেই ভাল পোৱা মৰমবোৰক তোমাৰ দুবাহুৰ মাজত ল’বানে আকোৱালি? মই যে এখন স্বপ্ন নগৰীৰ মায়াজালত বন্দী! মোৰ এটি সপোন বাস্তবায়িত হৈ তোমাৰ হৃদয়ত পাব জানো থিতাপি দিবা জানো মোক অকণমান সঁহাৰি? তুমি মোক কবানে ভাল পাওঁ বুলি? ভাবো কেতিয়াবা মই তোমাৰ ওচৰত যাব পৰাকৈ পথবোৰ মসৃণ হয় জানো খলা-বমা পথবোৰে আছে আগুৰি মোৰ ভৰি যেন অথালি পথালি তথাপিও যে মই গৈছো আগবাঢ়ি। আহিছো হাজাৰ আশা বুকুত বান্ধি ক’বানে তুমি ভাল পাওঁ বুলি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page