তোমাৰ হৃদয়খনযে ইমান ধুনীয়া গোন্ধায় কি ফুল ফুলাই থৈছা বাৰু সজাই তূমি কথা ক’লেই তুমি হাঁহিলেই বসন্ত নামি হালধীয়া পৃথিৱীখনো সেউজীয়া কৰি থৈ যায়
আত্মাবোৰো হৈ পৰে বৰ্ণিল স্বপ্নীল বসন্ত বিভোৰ অন্ধকাৰ বিধুৰতা সকলো পলকতে হেৰাই মন-প্ৰাণ আত্মা দিব্যজ্যোতিৰে পোহৰ হৈ যায় নিৰস নদী হতাশ পক্ষীয়েও উঠে কলকলাই কি ফুল ফুলাই তোমাৰ হৃদয় বাৰু থৈছা সজাই
তোমাক দেখিলেই তোমাৰ কথা ভাৱিলেই দুখ ভাগৰ সকলোবোৰযে ক’ৰবাত লুকাই তোমাৰ মাত শুনিলেই আকাশখনো উঠে উজলি উমলি উমলি উজলি উঠে জিক্-মিকাই পখিলাৰ লগতে মোৰ হৃদযখনো এলাই পেলাই ঢেৰাই মেৰাই বলিয়া হৈ যায়
তোমাক কাষতে পাবলৈ মোৰ ইমানযে মন যায় তোমাৰ কথা ভাবিলেই পৃথিৱীখনো কল্-কলাই কল্-কলাই উঠে জক্ মকাই কি ফুল ফুলাই তোমাৰ হৃদযখন বাৰু সযতনে থৈছা সজাই
তুমি হাঁহিলেই পৃথিৱীখনযে ইমান ধুনীয়া গোন্ধায় মন অন্তৰত সুন্দৰ শৈল্পিক সুগন্ধি বসন্ত ৰিব্-ৰিবাই ৰিব্-ৰিবাই বৈযায়
#assamesekobita #axomiyakobita #kifhulfhulaithoisahojai #SahityaChorcha