top of page

কেন্দুঘাটে ৰিঙিয়াই

  • Sahitya Chorcha
  • Feb 22, 2021
  • 1 min read

কেন্দু ঘাটৰ ৰেঙণিয়ে জিলিকাই ৰাখিবনে মোৰ জীৱনৰ ঢিমিক-ঢামাক চাকিগছি? ভাবনাৰ পালতৰা নাও দুপৰ ৰাতি গীত জুৰি বতাহৰ তালে তালে অপেক্ষা মাথোঁ তোমাৰ বাবে! মোক দিছিলা যিদিনা তোমাৰ জীৱনৰ অন্যতম ফচল পাহৰা নাই আজিও প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে ঘুৰাই পোৱাৰ এবুকু আশা তোমাৰ দাপোনে অগা-দেৱা মোৰ কলিজা ফালি যন্ত্ৰনাৰ হুমুনিয়াহ!

পোহৰ বিচাৰি বহু বাট আগুৱালোঁ উজুতিত উফৰি উফৰি হৃদয়খন দলিয়াবৰ মন বহু দুৰলৈ!

নদীৰ দৰে মাথোঁ বৈ যাম নিৰ্মল পানীত নিজৰ মুখখনি চাই আপোনভোলা হ’ম। কেন্দুঘাটতে জ্বলাব খুজোঁ এগছি বন্তি বালিচাপৰিৰ স্মৃতি বুকুত সাৱটি তুমিয়েই হ’ব লাগিব মোৰ জীৱনৰ সঞ্জীৱনী

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page