top of page

কেতিয়া শুধৰিম আমি?

সমগ্ৰ দেশজুৰি কৰ’নাৰ দ্বিতীয় লহৰত, আতংকময় পৰিবেশ ৰোগৰ সংক্ৰমনত।

চৰকাৰী নীতি নিৰ্দেশনাও পোৱা নাই গুৰুত্ব, অদৃশ্য হৈছে মুখা নাই সামাজিক দূৰত্ব।

একাংশই নাপাই উপায় যদিও পিন্ধিছে মুখা, কি আমোদজনক দৃশ্য নাক মুখ পাই দেখা।

তামোল গুটখাৰ পিকেৰে ৰাঙলী, ৰাজহুৱা আস্থানৰ দেৱাল-পদূলি।

সুযোগ গ্ৰহণ কৰি প্ৰশাসনৰ শিথিলতাৰ, বাঢ়িছে ভয়ংকৰ বিপদ সাধাৰণ জনতাৰ।

গতিকে কোৱা বন্ধু কেতিয়া শুধৰিম আমি? আহিব কৰ’নাৰ তৃতীয় লহৰ সকলোৱে হব স্বৰ্গগামী।

0 views0 comments

Related Posts

See All

Comentarios


bottom of page