top of page

কাঁচিয়লি ৰ’দ

  • Sahitya Chorcha
  • Jan 10, 2021
  • 1 min read

কেকুঁৰিটোৰ কাষত জোপোহানিটোৰ আঁৰত দেখিলোঁ কুঁৱলীৰ ফাঁকে ফাঁকে এজাক কাউৰীৰ চিলমিলীয়া টোপনি! তাকে দেখি কাঁচিয়লি ৰ’দৰ মিচিকিয়া হাঁহি। কেকুঁৰিটোৰ কাষতে থকা নিজৰাৰ কুলু-কুলু শব্দৰ ধ্বনিত, ভাঁহি আহে অচিনাকি কণ্ঠৰ চিনাকি সুৰ এটি। কোন তাই ৰূপৱতী নিজৰাৰ বোঁৱতী পানীৰ সতে কথা পাতি লাজুকী চাৱনীৰে নিজৰাৰ দাপোনত বাৰে বাৰে মুখ চাই ওঠঁত বিৰিঙাই হাঁহি। তাকে দেখি কাঁচিয়লি ৰ’দে দিয়ে ভৰ যৌৱনৰ পাখি মেলি। কাউৰীৰ কেচা টোপনি ভাঙি, আনি দিয়ে অচিন দেশৰ ৰূপৱতীৰ বাতৰি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page