top of page

কুকুৰ

  • Sahitya Chorcha
  • Jan 7, 2021
  • 1 min read

ব্যস্ত নগৰৰ ব্যস্ত বস্তিৰ ব্যস্ত জীৱনৰ ব্যস্ত মানৱৰ ব্যস্ত ৰাজপথৰ মজিয়াত পৰি থকা মই মৃত কুকুৰে কৈছোঁ, সমাজ জীৱন মানৱ আজি ইমান ব্যস্ত যে মোৰ মৃত দেহটোকো সৎকাৰৰ সময় পোৱা নাই মোৰ ক্ষত-বিক্ষত মৃত দেহৰ ওপৰেৰে পাৰ কৰিছে হাজাৰ হাজাৰ যানবাহন মই গেলি পচি নিঃশেষ হৈ গ’লো তৎসত্বেও মোৰ সৎকাৰৰ সময় নাই হায় ৰে ! মানৱ জীৱিত অৱস্থাত মই আছিলোঁ পৰিণেতাৰ প্ৰহৰী পুলিচৰ সহায়ক অক্ষম ব্যক্তিৰ সক্ষমতা কিছুমানে মোক প্ৰভুভক্তও ভাবে কিছুমানে আকৌ মহাৰাজা যুধিষ্ঠিৰৰ স্বৰ্গাৰোহনৰ সাৰথিও ভাবে অথচ ব্যস্ত নগৰৰ ব্যস্ত বস্তিৰ ব্যস্ত জীৱনৰ ব্যস্ত মানৱৰ ব্যস্ত ৰাজপথৰ অকনো সময় নাই মোৰ সৎকাৰৰ সঁচাকৈ মোৰ মৃত্যু আজি মোৰ জীৱিত অৱস্থাতকৈ ডাঙৰ বোজা হৈছে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page