কৰ্দমাক্ত কলঙ্ক
- Sahitya Chorcha
- Feb 19, 2021
- 1 min read
এক আদি পৰিকল্পিত যোজনা পৃথিৱীৰ দ্বিপদী গছৰ জীৱনলৈ
সিঁচৰিতি কৰি দিয়া হ’ল,যোজনাৰ ব্লু-প্ৰিন্ট্ মগজুৰ মধ্য কোণত সুমোৱাই দিয়া হ’ল তাৰ সঞ্চিত বীজ-
তিমিংগিল তিমিৰাচ্ছন্ন পৃথিৱীৰ বক্ষবন্ধনী পোছাকী মুখাৰ বনিকৰ বেহা
স্তব্ধ দ্বিপদী গছৰ জীৱন যাত্ৰাৰ দুৱাৰবোৰ মৃত্যুৰ যান্ত্ৰনাত কিলবিলনি দ্বিপদী জীৱ গছবোৰ!
ভয় আৰু সন্দেহে চানি ধৰিলে গছৰ চকু ৰাজমহলৰ আদেশত সন্ধ্যা সাঁতোৰ-
যুদ্ধৰ মিচাইলত কৈ শক্তিশালী নিৰব ঘাটকৰ শ্ৰুতলিপি বেজৰ মিতিৰালি
অট্টহাস্য তৃপ্তি লৈ— মোট-সলালে এক বিষাক্ত সাপে
অভিশপ্ত হৈ ৰ’ল যুগৰ পৃথিৱী!!
Comments