কৰ’ণাৰ সংহাৰ ৰূপ
- Sahitya Chorcha
- Apr 19, 2021
- 1 min read
আকৌ কৰ’ণাৰ সংহাৰ ৰূপ, মানৱ জাতিৰ ওপৰত প্ৰকৃতিৰ প্ৰকোপ।
আতংকত জীৱন প্ৰত্যেক দিনা, সদায় নতুনকৈ জাৰি নীতি-নিৰ্দেশনা।
কৰ’ণা সাৰিবলৈ উপায় সহজ, সদায় ৰাখা বজায় দূৰত্ব দুগজ।
স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা, সকলো কামৰ পূৰ্বে চাবোনেৰে হাত ধোৱা।
যদি নালাগে বেজিৰ বিন্ধা, অত্যন্ত জৰুৰী মূখা পিন্ধা।
বীজাণুনাশক ৰসায়নৰ ঘৰে ঘৰে ব্যৱস্থা, দেশত বৰ্তমান সংকটকালীন অৱস্থা।
Comments