top of page

“কলিজাত একোৰা জুই”

চকুত চকু থৈ—– বাৰে বাৰে আমনি কৰে! মোৰ হৃদয়ৰ—— এটা কোণত বন্দী চিনাকী মুখৰ সেই অচিনাকী মানুহ জন। বাৰে বাৰে বিচাৰে—— মোৰ সেই আছুতীয়া সান্নিধ্য । জুখিব বিচাৰে——- তুলনাহীন মোৰ সেই সুকোমল হৃদয়খন । তেওঁৰ দুহাতৰ পৰশত——- মোৰ জীপাল কলিজাটো জুই হৈ জ্বলিছে, ধোঁৱা হৈ উৰিছে মোৰ কেঁচা তেজৰ চেকুৰা বোৰ । এতিয়া মোৰ——- হৃদয়ত হাহাকাৰ, একলহ পিয়াহৰ নিৰ্মল পানীৰ হেঁপাহ।

#assamesekobita #axomiyakobita #kolijatakurajui #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page