top of page

কলমৰ ভৱিষ্যত

  • Sahitya Chorcha
  • Jan 23, 2021
  • 1 min read

আধুনিক ভাৱ ধাৰাত কলমটো পুৰণি হ’ল। ব্যৱহাৰ হ’ল ম’বাইল, ডেস্ক’টপ । কেৱল স্বাক্ষৰতে সীমাবদ্ধ কলম কলমত কৈ শ্ৰেষ্ঠ হ’ল লেপটপ।

ঘৰলৈ নতুন আলহী আহিল। পুৰণা আলহী এলাগী হ’ল। পুৰণা বন্ধুৰ সান্নিধ্যত যদিও আবেগ মিশ্ৰিত নতুন বন্ধু অতি আদৰৰ হ’ল।

কেমেল ,চেলপার্ক চিয়াঁহী আচৰিত এক সামগ্ৰী হ’ল। নিপ , উইনসন কলম সকলো মিউজিয়ামলৈ গ’ল। মানৱে কলমৰ আদৰ নজনা হ’ল।

আধুনিক নৃত্য-গীতৰ পৰিৱৰ্তন হ’ল। লাইক, ভিউৱাৰ থকা নৃত্য- গীত অধিক জনপ্রিয় হ’ল। সত্ৰীয়া সঙ্গীত নৃত্যৰ পৰিবৰ্তে মঞ্চত, ডিস্ক’ ভন্টি নৃত্য আৰম্ভ হ’ল।

কলমৰে সুন্দৰ উপস্থাপিত লিখনি ডালবুট বান্ধি দোকানীয়ে দিলে। প্ৰেমিকে কলমৰ চিঠিৰ সলনি প্ৰেমিকাক ফেচবুক, হোৱাটছ এপত নৱবর্ষ, বিহুৰ উলগ জনালে।

‘কথকা’ক পুৰণা দলে সন্মান নিদিয়াত নতুন দললৈ ৰাওনা হ’ল। নতুন দলত কিন্তু তেওঁৰ স্থান চুক ভেকুলীৰ দৰে হ’ল। পিছত পুৰণা দলটোহে আপোন হ’ল ।

এনেদৰেই নিৰূপন কলমৰ ভৱিষ্যত। এনেদৰে পৰিৱৰ্তন যুগৰ, বিশ্বায়নৰ তথাপিও, সমাজত প্ৰয়োজন কলমৰ। নৱপ্ৰজন্মক কলমৰ প্রয়োজন শিকাবলৈ প্রয়োজন কলম চিৰদিন, চিৰকাললৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page