কভিড -১৯ আৰু সাৱধানতা
- Sahitya Chorcha
- Apr 7, 2021
- 1 min read
সজাক সচেতন আজিৰ পৰিস্থিতিৰ অতন্দ্ৰ প্ৰহৰী ।
সংকটৰ পৰা ৰেহাই বিপদৰ পৰা মুক্তি লাভৰ উপায় ।
উদিগ্নতা এৰাই চলি আতঙ্ক নিৰ্বাসন দিয়া আমাৰ কৰ্ত্তব্য।
উৰা বাতৰি বিসৰ্জন নিশ্চয় দিম শুদ্ধ তথ্য আহৰণ কৰি।
W.H.O সত্য তথ্য গ্ৰহণ কৰিম, চৰকাৰৰ নিৰ্দেশ পালিম।
চৰকাৰী তথ্য বিশ্বাস কৰিম কঠোৰ নিয়ম পালন আমাৰ।
নিয়ম ভঙ্গ এক অপৰাধ সৰ্ব সহযোগ আহ্বান সকলোৰে।
কভিদ-১৯ অদৃশ্য শত্ৰু চিকিৎসা বিহীন মাৰাত্মক ৰোগ।
নভেল ক’ৰণাই খেদি আহিছে অদৃশ্য শত্ৰুৰ ৰূপ ধৰি।
ভয়াবহ বীজাণু আনিছে কঢ়িয়াই এক সংক্ৰমিত ৰোগ দিছে আগুৱাই।
সতৰ্কতাই প্ৰতিবিধান, সাৱধানতা প্ৰয়োজন।
ঘৰত ভিতৰত থকা সুৰক্ষিত হৈ থকা।
দূৰত্ব বজাই ৰখা সংস্পৰ্শ নিলগাই থোৱা।
সঘনাই হাত ধোৱা সতৰ্ক হৈ থকা।
মাস্ক পৰিধান কৰা ৰিস্ক কমোৱা।
হ’ম কোৱাৰেণ্টাইন, নিজক বিপদ মুক্ত কৰা।
নিজক বচাই ৰখা পৰিয়ালক সুৰক্ষিত কৰা।
চুবুৰীয়াক বচাই ৰখা, সমাজক বচোৱা।
দেশক বচোৱা মানৱ জাতিক ৰক্ষা কৰা।
Commentaires