কবিতাৰ অনুভৱ আজিৰ বাস্তৱ (এক সম্যক পৰ্য্যাৱেক্ষণ)
- Sahitya Chorcha
- Dec 25, 2020
- 1 min read
দেখি থকা শুনি থকা ভাৱি থকা কথাবোৰ কবিতাৰ আকাৰে লিখি দিলেই নহয় কবিতা
কবিতাতেই প্ৰতিফলিত হয় কবিৰ কাব্যিক অন্তৰৰ প্ৰভা বিচ্ছুৰিত প্ৰতিভা বুজা যায় তেওঁৰ ভাৱসমুদ্ৰৰ গভীৰতা নিপুণ শৈল্পিক কৰ্মনিষ্ঠাৰ দক্ষতা
কবিতা প্ৰাণস্পৰ্শী সুষমামণ্ডিত আলংকাৰিকতাদীপ্ত সত্য সুন্দৰ ছন্দায়িত আধ্যাত্মিকতা পৰিশীলিত লালিত্যময় স্নিগ্ধ স্নৈগ্ধ্য প্ৰেম বিধৌত উপমামণ্ডিত গাম্ভীৰ্য্য়পূৰ্ণ ভাৱ নিসৃত ধ্যন অভিনিৱিষ্ট আত্মাৰ স্বৰ্ণমণ্ডিত গভীৰ অনুশীলন প্ৰজ্ঞা
স্তিমিত হৈ নিৰ্ঝৰ নহয় সেই দিৱ্যসুগন্ধতীব্র ঝৰ্ণা
কবিতা গাম্ভীৰ্য্যপূৰ্ণ নৱৰসমণ্ডিত সত্যসুন্দৰৰ অনিৰ্বাৰ সাধনা নহয় ল’ৰা ধেমালি নহয় বিষাদ বিদীৰ্ণ অন্তৰৰ ঘূৰ্ণিবা
কবিত্ব কাব্যিকতা আৰু কবি হ’লেও একেখন আকাশৰ সতীৰ্থ থাকিলেও নিৰ্বিকল্প নিৰৱচ্ছিন্ন সম্পৰ্ক প্ৰত্যোকৰে আছে শাশ্বত মৌলিকত্ব সেইবাবেই সৰ্ব্ব কথা নহয় কাব্যিকতা উন্নীত
কবিতা মাৰ্তণ্ড মাৰ্গীয় প্ৰতিভাৰ অনন্য ছান্দসিক বৰেণ্য শিল্প একনিষ্ঠ অনন্ত সাধনাৰ সমূজ্জ্বল নক্ষত্ৰ
শাশ্বত ভাশ্বত বসন্তমণ্ডিত আত্মাৰ অমৰ প্ৰেমদীপ্ত প্ৰজ্ঞাপ্লাৱিত সুমধুৰ ভাষ্য যি মন প্ৰাণ আত্মা হূদয়ক সাৰল্যতাৰে কৰিব পাৰে সঞ্জীৱিত
কবিতাৰ মহৎ মাহাত্ম্য চিৰ বিশ্লেষণ শূণ্য সেইবাবেই কবিতাৰ দৰে লিখা অন্তৰৰ সৰ্ব্ব ভাৱধাৰা নহয় কাব্য উন্নীত
Comments