কবিতা লিখা মানুহজনী
- Jan 22, 2021
- 1 min read
এদিন পথৰুৱা বোকাত কবিতা লিখা মানুহ জনী নিজে এটা কবিতাহৈ পৰিল। শিমলুৰ ওৰণি খহাই মলয়াৰ সুহুৰি মাৰি জোনাকী বাটত গুণগুণাই সৰা পাতৰ নপূৰ পিন্ধা উদং পথাৰত কবিতাৰ কঠিয়া সিচাঁ মানুহজনী নিজে এটা কবিতা হৈ পৰিল। যিজনকলৈ কবিতা লিখে তেওঁৱে বাৰে বাৰে হৃদয় ভাঙে। এতিয়া বিবেকহীনতাত ডুব য়াই মন। আন্ধাৰত পথভষ্ট। হেৰুৱাই পুৰনি ঠিকনা। এন্ধাৰৰ ফাকেঁ ফাকেঁ খহি য়াই ৰঙা আচঁল খনি। পথৰুৱা বোকাত চেঙা লুতি পাৰি তাই কবিতা হৈ লুতুৰিপুতুৰি।




Comments