কবিতা মোৰ মনৰ অনুভৱ, কবিতাত ছন্দ মিলাই ওৰে দিন ওৰে ৰাতি পাৰ কৰোঁ যাযাৱৰী জীৱন। কবিতা মোৰ প্ৰাণৰ প্ৰেয়সী, কবিতা মোৰ প্ৰাণৰ আপোন, কবিতা মোৰ দুটি ওঠঁৰ শব্দ, কবিতা মোৰ দেহৰ এটি ছাঁ, কবিতা মোৰ দেহত অৰ্হনিশে বৈ থকা বোঁৱতী নৈ। কবিতা মোৰ দেহৰ জ্বলন্ত-উত্তাপ, কেতিয়াবা উদাৰমতি হৈ সেউজীয়া প্ৰকৃতিৰ বুকুত শব্দ বিচাৰি পাৰ কৰোঁ, বিশাল আকাশৰ তলত সূৰ্যৰ কিৰণ দেহত সানি, নিজানে কোনোবা অজান ঠাইত। কবিতাৰ শব্দত প্ৰতি পলে পলে, মোৰ হৃদয় হয় বিলিন কবিতা মোৰ বাবে নষ্টালজিয়া, কবিতা মোৰ প্ৰাণৰো প্ৰাণ। কেতিয়াবা মোৰ আঙুলিৰ পৰশত শব্দত বিলিন হয় নিৰিহ জনতাৰ চকুলো! সঁজাই তোলো উদাস মনৰ কবিতা বোৰ। কেতিয়াবা ব’তাহে আহি কাণে কাণে কয় হৃদয়ৰ গভীৰতাত কবিতাৰ ঘৰ সাঁজি সাঁচি থোৱা বাসনা বোৰ! কবিতা মোৰ হৃদয়ৰ সঞ্চিত সপোন বোৰ।
#assamesekobita #axomiyakobita #kobitamurmonoronubhav #SahityaChorcha