top of page

কবিতা নিলিখোঁ আজি এখন ছবিকে আঁকিম!!

  • Sahitya Chorcha
  • Jan 10, 2021
  • 1 min read

কবিতা নিলিখোঁ আজি!! এখন ছবিকে আঁকিম। প্ৰশান্তি, পবিত্ৰতাৰে ভৰা এখন পৰিস্ফুট ছবি। এখন আন্দোলনৰ ছবি।

ছবিত প্ৰতিফলিত হ’ব, সময়োপযোগী ধাৰা, উপধাৰা। প্ৰয়োজনত জনতাৰ কথা কৈ নায়ক, জননায়ক হৈ। পিছলৈ আৰু বহুতো।

সুবিধা পালে খুলি দিম। আৰু পিছলৈ আৰম্ভ হ’ব। জনতাৰ পদধূলাৰ কামিজটো খুলি পিন্ধি লম পদপিৰ কামিজ পদপি পদপি।

মোৰ পিছে পিছে গাড়ীৰ শব্দ। অসংখ্য গাড়ীৰ বিকট শব্দ। উৰুৱাই দিম ধূলি, বালি অন্যান্য। ধূসৰ হ’ব পূৰ্বৰ চেতনাৰ সংহতি। এনেদৰে চলিব যুগ-যুগান্তৰ।

চাই ৰ’ম কাহিনী, উপকাহিনীবোৰ। কবিতা নিলিখোঁ আজি এখন ছবিকে আঁকিম!!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page