top of page

কবই নোৱাৰি

আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি পদে পদে হতাশাইহে ধৰে সাৱতি বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি

আপেক্ষাৰ অনলত দুখে ভৰা দুৰ্দিনত জ্বলি পুৰি ছাঁই হৈ গৈছে দিনৰাতি প্ৰতীক্ষাৰ অন্ত নাই তৃষাৰো শেষ নাই আগুৱাইছো অক্লান্ত সংগ্ৰাম কৰি

দুৰ্মদ দুৰ্য্যোগ আহি ভাঙে মোৰ ঘৰ বাৰী ভৰ বাৰিষাৰ বানত যায় উটি ভাঁহি যদিও হেৰুৱাও থৰ পুণৰ সাজি লওঁ ঘৰ কাল ধুমুহাই ভাঙে পুনু মষিমূৰ কৰি

অনিৰ্বাণ ধুমুহাই অজান হিয়া কঁপাই ৰওঁ বাৰে বাৰে হিয়া মন থিৰ কৰি জ্বলিব এদিন চাকি জীৱন পোহৰ কৰি দুৰ্বিসহ দুখবোৰো এদিন যাব আঁতৰি

আশাৰ চাকি জ্বলাই ৰৈ আছো বাট চাই সপোনবোৰ বাস্তৱ হ’ব বুলি ভাৱি ধিমিকি ধিমিকি জ্বলা চাকিৰ তলত বহি ৰাতিবোৰ আছো মাথো পাৰ কৰি

পাৰ হৈছে দিনবোৰ মাথো কান্দি কান্দি সুখৰ মুখ কোনোদিনে নেপালো দেখি অশ্ৰুৰে জীৱন জানা নিকা কৰিব নোৱাৰি ত্ৰাস সন্ত্ৰাসেৰে দিনবোৰ যায় বাগৰি

কৰ্ম ভাগ্য তৃষা স্বপ্ন সকলোৱেই অসাৰ নিয়তিৰ চাতুৰী একো বুজিব নোৱাৰি কৰিছো খাইছো মাথো জীয়াই আছো জীৱন সাৰ্থক বুলি ক’বই নোৱাৰি

0 views0 comments

Related Posts

See All

Comentarios


bottom of page