এৰা সুতি
- Jan 5, 2021
- 1 min read
বহু অপেক্ষাৰত, মোৰ তৃষ্ণাতুৰ হৃদয়। তোমাৰ মিঠা পৰশত, গলি গলি শেষ হব খোজা, মোৰ এবুকু মৰম। দুকূল উপচি পৰা, পাৰ ভঙা মৰমৰ, এখনি প্ৰেমৰ নদী। আৰুনো কিমান সাঁতুৰিম? আজি যেন মই ভাগৰুৱা। আজি নিশব্দতাই, মোৰ সৈতে কথা পাতে, মৰমে উচুপি উচুপি কান্দে। মৰম নামৰ নদীখনি আজি “এৰা সুতি”, মাথো বালিচৰ হৈ পৰি ৰয়।




Comments