জোনাক বিহীন এন্ধাৰ নিশা, খিৰিকিৰ ফাঁকেৰে, নিশব্দে দুৰ্স্বপ্ন বোৰ কাষ চাপি আহে।
তুমি বিহীন উজাগৰী নিশা, নিজকে অসহায় যেন লাগে।
দোধোৰ মোধোৰ হয় মন, এন্ধাৰৰ আৱৰণ ফালি, তীক্ষ্ণ দৃষ্টিৰে চাওঁ, পুৱা শিতানৰ গাৰু লুটিয়াই।
তোমাৰ মধু ময় বাসনা হৃদয়ৰ বতৰা বোৰ, কিজানি বা তাতেই বিচাৰি পাওঁ।
নিশব্দে উচুপি উচুপি, মৌনতাৰ শিকলি চিঙি ধুমুহাৰ সতে বিলীন হৈ, তোমাক বিচাৰি যাওঁ।
Comments