top of page

এটা সপোন বিচাৰি

  • Sahitya Chorcha
  • Jan 3, 2021
  • 1 min read

জীৱন বোৱতী পালতৰীত বহি বৈঠা মাৰি মাৰি এটা সপোন বিচাৰিছোঁ, কেতিয়াবা দুচকুৰ দুধাৰিত অশ্ৰুৱে কাজল ধুই যায় ! কেতিয়াবা প্ৰবল ধুমুহাৰ উদ্বাউল উশাহ, হৃদয়খন তচ্ নছ্ কৰি আকৌ যায় ঘুৰি।

কেতিয়াবা মিচিকিয়া হাঁহিৰে উদন্ত বেলিৰ হেঙুলী হৈ চায় তেতিয়াই মোৰ কোমল হৃদয় থমকি ৰৈ যায় ।

পাহৰণিৰ বুকুত নিতালে শুই থকা নৱগ্ৰহ সাজি অবিশ্ৰান্ত দিশাহাৰা অন্বেষণত হতাশক্লান্ত পাখিৰে হেৰাই যোৱা সপোনৰ তালাচত! আকৌ ঊৰা মাৰো নীল গগনলৈ পিছলৈ ওভতি চাওঁ, অংগহীন ভাস্বত উদ্গীৰণত ভাহি শ্বাশত স্মৃতিৰ মাজত, মই যেন “জোন ভৰা তিথি।“

এন্ধাৰ-পোহৰ একাকাৰ কৰি ওখ শৃংগৰ পৰা তললৈ সৰি ধাকুৰি ধাকুৰি খোজকাঢ়ি কাঢ়ি অনাবিল ঘুৰি ফুৰিছোঁ এটা সপোন বিচাৰি।

Commentaires


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page