এটি মধুৰ অপেক্ষা
- Sahitya Chorcha
- Apr 27, 2021
- 1 min read
প্ৰকৃতিৰ বুকুত ন-কুঁহিৰ মেলা, বসন্তৰ ফুলে ফুলে কুলি-কেতেকীৰ খেলা।
এমুঠি সুবাস বিছাৰি বসন্তৰ প্ৰাঙ্গনত, মন পুলকিত মোৰ অনুভূতিৰ জগতত।
বসন্তকালীন উৎসৱ বসন্তৰ পৰশত, বিহু গীতেৰে সজ্জিত বিহু বিনন্দীয়া ৰূপত।
ভাৱনাতে নিদ্ৰাহীন মাথোঁ চেনেহীৰ প্ৰতীক্ষা, বিহুতলীত ব্যাকুল মন এটি মধুৰ অপেক্ষা।
Comments