top of page

এটুকুৰা শুকান ৰুটি

হাতী কাণ যেন লগা শুকান ৰুটীবোৰ দেখিলেই ওকালি আহে দাঁত ভাঙো ভাঙো হৈ পৰে টান চাম্ৰা দৰেই অদ্ভুত ৰুটীবোৰ আগবঢ়াই দিছিল এটুকুৰা গুৰ সৈতে আস ভাৱি প্ৰচণ্ড বিক্ষোভ জাগিছিল বহিৰাগৰ হাতত যেন আমিবোৰ প্ৰতিটো কোণত বন্দী।

চিলভাৰ গিলাচ, চিলভাৰ কাঁহী উপঙি থকা কেৱল পানী তলিত পৰি থকা দালি যেন বানপানী দৰেই দালি ভাত একোখন কাৰাগাৰত আমিবোৰ কোনোজন বিপ্লৱী কোনোজন কৃষিক মুক্তি অন্যবোৰ।

বাহিৰৰ পৃথিৱীখনলৈ বৰ মনত পৰিছিল কি চলি আছে ইয়াত টিভিতোৰ বাহিৰে শূন্য সেইয়াই সাহস, কেৰেম, দবা লাইব্ৰেৰী মোৰ প্ৰিয় লাইব্ৰেৰী সেয়ে প্ৰতিদিনেই দৌৰিছিলো, একোখন কিতাপ পঢ়া ইচ্ছা।

তাতো ষড়যন্ত্ৰ চলে ভুৱা ওপৰত ভুৱা গোচৰ মুখা পিন্ধা এচাম কেৱল উচ্চ ধাৰী টকা কিছু ভাল মানুহ আছে সেমেকি উঠি দুচকুত আমিবোৰ সঁচাই পৰাধীন ।

ভাগৰি নপৰো কাহানিও বিপ্লৱী সত্তাক, হ’ব নোৱাৰোঁ জানো কোনো মেণ্ডেলা হ’ব নোৱাৰেঁ কোনো মোহনদাস কৰমচান্দ গান্ধী আদৰ্শক অনুকৰণ কৰোঁ ৰাছিয়াৰ মহান বিপ্লৱী লেনিন পৰিৱৰ্তন আহে এমুঠি জাগ্ৰত দৃঢ়মনা উদ্যমীৰ ব্যক্তিত ভৱিষ্যত সিয়ে হৈ পৰে ইতিহাস।

কষ্ট , ধৈৰ্য ক’ত বুজি উঠোঁ আৰাম দায়কে নানে কোনো পৰিৱৰ্তন এই শুকান ৰুটীবোৰ সোৱাদ বিহীন ভাত তেনেকৈ ভাৱি গিলি দিওঁ আমিবোৰ নগন্য বিপ্লৱী।

ক’লা হৈ যোৱা চোলাযোৰ কোনো আক্ষেপ নাই দেখি উঠিছিলোঁ কি দৰে জনতাৰ নেতা অখিলদেৱ সাধাৰণ খুব সাধাৰণ কিন্তু অসাধাৰণ ব্যক্তিত্ব কিমান আকৰ্ষণ মানুহজন হৃদয় চুই গৈছিল আমিবোৰ।

জাতিৰ বাবেই মাৰ , টাঙন খাই কাৰাগাৰত ৰাষ্ট্ৰদোহী– তেন্তে জাতি যদি সুৰক্ষিতেই নহয় এটুকুৰা শুকান ৰুটি সৰ্বোচ্চ হ’ব নোৱাৰে বিশ্বৰ ইতিহাসত তাকেই সোঁৱৰাই বিপ্লৱীৰ নাম যুগ যুগ স্বাধীন ভূমিতেই সোঁৱৰে।

#assamesekobita #assamesepoem #atukurahukanroti #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page