top of page

“এগৰাকী বিদুষী নাৰীৰ কাহিনী”

  • Sahitya Chorcha
  • Jan 7, 2021
  • 1 min read

মহাৰাষ্ট্ৰৰ এজনী নাবালিকা ৯ বছৰ বয়সতে ৩৫ বছৰীয়া বয়সৰ পুৰুষ এজনৰ লগত বিয়া হৈ অভাৱনীয় অভাৱ অনাটন ত জীৱন কটাই ছিল। ২০ বছৰ বয়সত সন্তান সম্ভৱা হৈ থাকোতে স্বামীয়ে অত্যাচাৰ কৰি ঘৰৰ পৰা গুৰিয়াই উলিয়াই দিওতে বেহুচ হৈ থকা অৱস্থাতে এটি সন্তান জন্ম হয় আৰু নাৰীদাল নিজে পাথৰেৰে ১৬ বাৰ মাৰি মাৰি কাটিছিল। পেটৰ ভূকত স্মশানৰ জ্বলি থকা শ ৰ উপৰত ৰুটি বনাই খাইছিল। এবাৰ ধৰ্য্যৰ সীমা পাৰ হোৱাত ট্ৰেইনৰ পট্ৰিত বহি দিছিল সন্তানৰ লগত কিন্তু শিশুটিৰ উজ্বল চকুকেইটা দেখি উঠি আহি পুণৰ সংগ্ৰামী জীৱন কটাইছিল।

মহাৰাষ্ট্ৰৰ সিন্ধু তাই ( মাই) নামেৰে বিখ্যাত এইগৰাকী অতি সাহসী আৰু কেতিয়াও হাৰ নমনা নাৰীয়ে নিজৰ জীৱন পৰিবৰ্তন কৰাৰ লগতে হাজাৰ হাজাৰ ভিক্ষাৰীৰো জীৱন সলাই পেলাইছিল তেওঁ খোৱা ৰুটি আন ভিক্ষাৰীকো দিছিল যিবোৰ শ্মশানত বনাই আনিছিল। অনাথ সন্তানসকলৰ তেওঁ প্ৰকৃত মাতৃ হৈ পৰিছিল। তেওঁ উৎসাহপুৰ্ণ কথাৰে সকলোকে পুণৰ জীৱিত কৰি তুলিছিল। এতিয়ালৈকে ভাৰতৰ চাৰিজন ৰাষ্ট্ৰপতি য়ে তেওঁক ভুয়সী প্ৰশংসা কৰি পুৰষ্কাৰ দিয়াৰ লগতে ৭০০ ৰো অধিক পুৰষ্কাৰে পুৰস্কিত হৈছে।

এইগৰাকী নাৰী অকল সাহসীয়ে নহয় অতি দয়ালু তথা ক্ষমাদানীও , যিজন স্বামীয়ে তেওঁক ঘৰৰ পৰা খেদি দিছিল তেওঁৰ অৱস্থা অতি শোচনীয় হোৱাত তেওঁ কো নিজৰ আশ্ৰমত সন্তানৰ দৰে থাকিবলৈ মাতি আনিছিল। মহাৰাষ্ট্ৰ তথা গোটেই বিশ্ববাসীকে এইগৰাকী নাৰীয়ে মানৱ জাতিৰ এক অনুকৰণীয় জীৱনৰ চানেকি দাঙি ধৰিলে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page