এগৰাকী নাৰী মই
- Sahitya Chorcha
- Jan 7, 2021
- 1 min read
বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাষাৰে
নাৰী শব্দতেই লুকাই আছে মমতা, সৌন্দৰ্য, সাহসআৰু ত্যাগ। মই নাৰী সৃষ্টিকৰ্তাৰ সৃষ্টিৰে মই এগৰাকী নাৰী শক্তিৰ আধাৰ স্বৰূপা। কিন্তু সময়ৰ কঠোৰ আহ্বাহনত মই আজি দিশহাৰা বিধ্বস্ত মোৰ সমগ্ৰ সৰ্তা। এইয়াই নেকী মোৰ দোষ?
শ্যামলীমা পৃথিবীৰ অপূৰ্ন উচুপনিয়ে আমনি কৰিলেও নিজৰ কৰ্তব্য নিজৰ দায়িত্বৰ বাবেই প্ৰতিগৰাকী নাৰীয়ে হিয়াৰ অযুত সপোন জীৱন দান দিয়াৰ?
আধুনীকতাৰ ৰহনৰ বোল সানি ভোগবাদী সমাজৰ এচাম নৰ-পিশাচৰ হাতত লাঞ্চিত মই এগৰাকী নাৰী। হে,নতুন পুৰুষ কোমলতা,সৰলতা, সহনশীলতাক তোমালোকৰ পদপিষ্ঠই কোনো দিনে কৰিব নোৱাৰে মোৰ স্বাভিমান ম্লান। গভীৰ মননশীল দৃষ্টিৰে উন্মক্ত হৈ চিন্তা আৰু বোধশক্তিৰে শৰীৰত শেষ বিন্দু শোণিত থকা লৈকে যুঁজিম শোষণ আৰু কদাচাৰৰ বিৰুদ্ধে।
মোৰ হিয়াৰ থাপনাত এতিয়াও প্ৰজ্বলিত হৈ আছে সেন্দুৰীয়া বাটেৰে অগ্ৰসৰ হোৱাৰ হেজাৰ স্বপ্ন। কাৰণ নাৰীৰ বুকুতেই জন্ম হৈছে হেজাৰতা শতিকা। গাই যাম প্ৰতিটো পুৱাতেই জীৱনৰ ন-ন গান। মই এগৰাকী নাৰী সৃষ্টিৰ শোনিতেৰে লিখা আছে অন্য এক নাম। শক্তিৰ শোনিতেৰে লিখা আছে অন্য এক ৰূপ।
Comments