এক জন্ম চক্ৰ
- Sahitya Chorcha
- Feb 20, 2021
- 1 min read
সভ্যতাৰ গৰকা ক্ষৌণীসেউজ পথাৰখনত নাৰী যদি বিধৱা হয়
ঘিণাৰ পাত্ৰ কিয়?
ক’ত এনে ঘিণা লুকাই থাকে তোমাৰ মনত তুমি যদি দ্বিপদীমানুহ হোৱা!
বনৰ হিংস্ৰজন্তয়েও বুজি পায় অসহায় জীৱৰ কথা
যদিও ইজন-সিজনৰ খাদ্যৰ গৰ্ভাগ্নি নিৰ্বাহক কিয় নিৰ্বোধ মানুহ?
সময়ৰ নিৰ্মাতা তুমি মই নহয়!
ঈশ মোৰ পাছে পাছে আছে নিশ্চয় জানিবা
কাৰখানাত নিৰ্মাণ হয় তোমাৰ সামগ্ৰী তাৰো মূল্য আছে
ঠিক তেনে দৰেই
মূল্যবোধ আছে নাৰীৰো তাক শ্ৰদ্ধাৰে তুমি মূল্যাংকন কৰিবলৈ শিকা
হে’ পুৰুষ, হে’ নাৰী!
নিৰ্বুদ্ধি,নিৰ্বুদ্ধিতা, নহবা!
নাৰী তুমি নিৰ্বীৰ্য্য নহবা নিৰ্ভৰ নিৰ্ভীক হোৱা সেন্দুৰীয়া বাটেৰে!
Comments